নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰফান পাঠানৰ ক্রিকেটৰ পৰা অৱসৰ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ সকলো শ্রেণীৰ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ভাৰতীয় ক্রিকেট দলৰ অলৰাউণ্ডাৰ ইৰফান পাঠানে৷

১৯ বছৰ বয়সত এডিলেইডত অষ্ট্রেলিয়াৰে খেলি এদিনীয়া ক্রিকেটত অভিষেক ঘটোৱা ইৰফান পাঠানে তেওঁৰ ১৫ বছৰীয়া কেৰিয়াৰত ২৯খন টেষ্ট, ১২০খন এদিনীয়া আৰু ২৪খন টি–২০ মেচত ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছিল৷

কেৰিয়াৰত ৩০১ উইকেট দখল কৰিবলৈ সক্ষম হয় তেওঁ৷ ২০০৬ চনত পাকিস্তানৰ বিপক্ষে খেলা টেষ্টখনত প্রথম অভাৰতে হেটট্রিক অর্জন কৰা ৩৫ বছৰীয়া ইৰফান পাঠানে ২০০৭ চনৰ টি–২০ বিশ্বকাপৰ ফাইনেলত দর্শনীয় প্রদর্শন দাঙি ধৰি টীম ইণ্ডিয়াৰ খিতাপ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷

২০১৭ চনত অন্তিমবাৰৰ বাবে আইপিএল খেলা পাঠানে ২০১২ চনত ২ অক্টোবৰত ভাৰতীয় দলটোৰ হৈ অন্তিমখন টি–২০ মেচ খেলিছিল৷

You might also like