উইজডেনৰ দশকৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ শীৰ্ষত বিৰাট কোহলি
বিগত ১০ বছৰত বিশ্বৰ যিকোনো বেটছমেনতকৈ ৫,৭৭৫ অধিক ৰাণ সংগ্ৰহ
নিয়মীয়া বাৰ্তা ২৭ ডিচেম্বৰঃ বিশ্ব ক্রিকেটৰ অপ্রতিদ্বন্দ্বী সম্রাট হিচাপে পৰিচিত বিৰাট কোহলিৰ শিৰত উজলিছে আন এক বিৰল সন্মান৷ প্রখ্যাত আলোচনী ‘উইজডেন’–এ ,বৃহস্পতিবাৰে প্রকাশ কৰা চলিত দশকৰ শ্রেষ্ঠ ক্রিকেটাৰৰ তালিকাত শীর্ষস্থান অধিকাৰ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে৷ এই তালিকাৰ আন খেলুৱৈসকল হ’ল দক্ষিণ আফ্রিকাৰ ডেল ষ্টেইন, এবি ডি ভিলিয়ার্ছ, অষ্ট্রেলিয়াৰ ষ্টিভেন স্মিথ আৰু মহিলা অলৰাউণ্ডাৰ এলছে পেৰী৷ মন কৰিবলগীয়া যে যোৱা ১০ বছৰত বিশ্বৰ যিকোনো বেটছমেনতকৈ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ৫৭৭৫ৰৰো অধিক ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ২০০৯ত আৰম্ভ হৈ ২০১৯ত অন্ত পৰা এই দশকটোত কোহলিয়ে টেষ্টত ২৭টা শতকসহ ৭২০২ ৰান, এদিনীয়াত ১১,১২৫ ৰান আৰু টি–২০ত ২৬৩৩ ৰান সংগ্রহ কৰি বিশ্বৰ আন সকলো বেটছমেনক চেৰ পেলাইছে৷ আন্তঃৰাষ্ট্রীয় কেৰিয়াৰত ইতিমধ্যে ৭০টা শতক সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা তাৰকা বেটছমেনগৰাকীৰ সকলো সংস্কৰণত গড় ৰান হ’ল ৫০তকৈ অধিক৷ বিশ্ব ক্রিকেটত সর্বাধিক শতক অর্জনৰ ক্ষেত্রত তেওঁ শচীন তেণ্ডুলকাৰ (১০০) আৰু ৰিকী পণ্টিঙৰ (৭১) পিছতে স্থান লাভ কৰিছে৷ সর্বকালৰ সর্বাধিক ৰান সংগ্রহকাৰীৰ তালিকাতো কোহলি তৃতীয় স্থানত আছে৷ এই মুহূর্তত তেওঁৰ মুঠ ৰান হ’ল ২১,৪৪৪৷ সর্বাধিক ৰানৰ গৰাকী শচীনৰ মুঠ ৰানৰ সংখ্যা হ’ল ২৪,৩৫৭৷ উল্লেখ্য যে ৩১ বছৰীয়া কোহলি ইয়াৰ পূর্বে উইজডেনৰ দশকৰ শ্রেষ্ঠ টেষ্ট দলৰ অধিনায়ক নির্বাচিত হৈছিল৷ উইজডেনৰ দশকৰ শ্রেষ্ঠ এদিনীয়া দলতো বেটছমেনগৰাকীয়ে স্থান পাইছিল৷