নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডাল সাপৰ বাবে বিলম্ব হ’ল ক্ৰিকেট মেচ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ সাধাৰণতে ক্ৰিকেট খেল কেতিয়াবা কুকুৰ কেতিয়াবা চৰাই বাবে বিলম্ব হয়। কিন্তু এইবাৰ ব্যতিক্ৰম ঘটিল। ভাৰতৰ ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফী ২০১৯-২০ চনৰ নতুন ছীজন সোমবাৰ( ৯ ডিচেম্বৰৰ) পৰা আৰম্ভ হৈছে। যোৱাটো বৰ্ষৰ বিজয়ী দল বিদৰ্ভ দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। বিদৰ্ভ আৰু অন্ধপ্ৰদেশৰ মাজত অনুষ্ঠিত হোৱা খেল খনত অন্ধপ্ৰদেশৰ দলৰ খেলুৱৈয়ে নহয় অন্য বেলেগ খেলুৱৈহে বিজয়ী দলটোৰ প্ৰতি সমস্যাৰ সৃষ্টি কৰিলে। অন্য খেলুৱৈ কোনো নহয় এডাল সাপহে। যাৰ পৰিপেক্ষিতত মেচ খন বহু সময় স্থগিত ৰাখিব লগা হয়। যেতিয়া ষ্টেডিয়ামৰ কৰ্মচাৰী আহি সাপডাল বাহিৰ কৰে, তেতিয়াৰ পৰাহে পুনৰ খেলখন আৰম্ভ হয়। উল্লেখ্য যে এই সম্পূৰ্ণ বিৱৰণ বি চি চি আইৰ ঘৰুৱা টুইটাত প্ৰকাশ কৰিছে।

You might also like