এদিনীয়াৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন ৰোহিত শৰ্মা
নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ আইচিচিয়ে শেহতীয়াভাৱে ২০১৯ বৰ্ষৰ টেষ্ট আৰু এদিনীয়া সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ নাম ঘোষণা কৰিছে। এই পুৰস্কাৰ শিতানত ভাৰতীয় খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে পুৰস্কাৰ লাভ কৰিছে।
ৰোহিত শৰ্মাই বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ পুৰস্কাৰ লাভ কৰিছে। ৰোহিত শৰ্মাই বিগত বৰ্ষত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ কাৰণে এই বটা লাভ কৰিছে। ৰোহিতে ২০১৯ বৰ্ষত ২৮ খন এদিনীয়া মেচ খেলিছে যত গড়ে ৫৭.৩০ ১৪৯০ ৰাণ সংগ্ৰহ কৰিছে। ইয়াতে ৰোহিতৰ মুঠ ৭ টা শতক তাৰে পাঁচটা ইংলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপত ৫ টা শতক অৰ্জন কৰিছিল।
5️⃣ #CWC19 centuries
7️⃣ ODI centuries in 2019Your 2019 ODI Cricketer of the Year is Rohit Sharma.#ICCAwards pic.twitter.com/JYAxBhJcNn
— ICC (@ICC) January 15, 2020
আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক খেলুৱৈ সুলভ আচৰণ বাবে স্পিৰিট অৱ ক্ৰিকেটৰ পুৰস্কাৰ লাভ কৰে।কোহলীয়ে এই সন্মান বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰোধে অনুষ্ঠিত হোৱা মেচত ষ্টিভ স্মিথক দৰ্শক সকলে তিৰস্কাৰ কৰিছিল তেতিয়া কোহলিয়ে দৰ্শক সকলক শান্ত হবলৈ আহ্বান জনাইছিল।
ইয়াৰ উপৰিও আইচিচিয়ে বিৰাট কোহলীক আইচিচি টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক হিচাপে মনোনিত হৈছে।
Who remembers this gesture from Virat Kohli during #CWC19?
The Indian captain is the winner of the 2019 Spirit of Cricket Award ? #ICCAwards pic.twitter.com/Z4rVSH8X7x
— ICC (@ICC) January 15, 2020