এম এছ ধোনীয়ে শ্রেষ্ঠ সময় পাৰ কৰিছে
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে কেৰিয়াৰৰ শ্রেষ্ঠ সময় অতিক্রম কৰিছে৷ বিগত দুটা বর্ষত তেওঁ খেলপথাৰত যিধৰণৰ প্রদর্শন আগবঢ়াইছে, তাৰ পৰাই এই কথা প্রমাণিত হয়৷ এই মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ তথা একালৰ ৰাষ্ট্রীয় নির্বাচক ৰ’জাৰ বিন্নীয়ে৷ ‘মোৰ মতে, ধোনীয়ে তেওঁৰ শ্রেষ্ঠ সময় পাৰ কৰি আহিছে৷ ফিটনেছৰ ক্ষেত্রতো তেওঁক কিছু দুর্বল দেখা গৈছে৷ তেওঁৰ সলনি যুৱ খেলুৱৈক সুযোগ দিয়াৰ সময় আহি পৰিছে৷ বিগত দুটা ছিজন মন কৰিলেই আমি অনুভৱ কৰিব পাৰোঁ যে ধোনী এতিয়া পূর্বৰ ছন্দত নাই৷’ ৰ’জাৰ বিন্নীয়ে এইদৰে কয়৷
উল্লেখ্য যে বিগত বর্ষৰ আই চি চি এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্রীয় মেচ খেলা ধোনীয়ে আগন্তুক আই পি এলত চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব৷ আই পি এলত উন্নত প্রদর্শনেৰে তাৰকা উইকেটৰক্ষকগৰাকীয়্ ভাৰতীয় দললৈ প্রত্যাৱর্তনৰ লক্ষ্য লৈছিল যদিও মহামাৰী ক’ভিড–১৯–এ তেওঁৰ পৰিকল্পনাত আউল লগায়৷ অৱশ্যে আই পি এল অহা ছেপ্ঢেম্বৰ–নৱেম্বৰ অনুষ্ঠিত হ’লে ধোনীয়ে পুনৰ উন্নত প্রদর্শন দাঙি ধৰাৰ সুযোগ পাব৷ অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগখন আৰম্ভ হ’ব৷