নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কে এল ৰাহুলৰ শতকৰ স্বত্বেও হোৱাইট ৱাছৰ পৰা ৰক্ষা নপৰিল টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ আইচিচি বিশ্বকাপৰ পাছত বিজয় ৰথত উঠি থকা টীম ইণ্ডিয়াৰ বাট ভেটিলে নিউজিলেণ্ডে ।

টি-২০ শৃংখলাত নিউজিলেণ্ডক হোৱাইটৱাছ কৰাৰ পাছত এদিনীয়া শৃংখলাটোত আজি ঘৰুৱা দল নিউজিলেণ্ডৰ হাতত হোৱাইটৱাছ হ’ল টীম ইণ্ডিয়া । মাউণ্ট মাংগানুইত অনুষ্ঠিত হোৱা তৃতীয় মেচখনত নিউজিলেণ্ডে ৫ উইকেটত পৰাস্ত কৰে আলহী দল ভাৰতক ।

প্ৰথমে টছত জয়ী হৈ নিউজিলেণ্ডে বলিং কৰাৰ সিদ্ধান্ত লয় । ইপিনে প্ৰথমে বেটিং কৰি পূৰ্বৰ ২ খন মেচৰ দৰেই আজিও টীম ইণ্ডিয়াই বৃহৎ স্ক’ৰ থিয় কৰিবলৈ সক্ষম নহ’ল ৷ ফলত নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ২৯৬ ৰান সংগ্ৰহ কৰে । য’ত ভাৰতৰ হৈ সৰ্বাধিক ১১২ ৰান সংগ্ৰহ কৰে উইকেট কীপাৰ বেটছমেন কে এল ৰাহুলে । লগতে শ্ৰেয়াৰ্ছ আয়াৰে ৬২ ৰানৰ বৰঙণি যোগায় ।

ইফালে ২৯৭ ৰানৰ লক্ষ্য আগত লৈ নিউজিলেণ্ডে খেল আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰ বাকী থাকোতেই ৪৭.১ অভাৰত ৫ উইকেট হেৰুৱাই এই লক্ষ্য ভেদ কৰে । দলটোৰ হৈ মাৰ্টিন গুপটিলে ৬৬, হেনৰী নিকলছে ৮০ আৰু কলিন দি গ্ৰান্ধমেই সৰ্বাধিক ৫৮ ৰানৰ সহায়ত তৃতীয় এদিনীয়া নিজৰ দখললৈ নি টীম ইণ্ডয়াক হোৱাইট ৱাছ কৰে ।

উল্লেখ্য যে ভাৰতৰ বেগী ব’লাৰ যশপ্ৰিৎ বুমৰাহে এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল ৩ খন এদিনীয়াৰ শৃংখলাটোত । ইফালে এদিনীয়া শৃংখলাটোত ৰছ টেইলৰে ‘মেন অৱ দ্যা চিৰিজ’ৰ সন্মান লাভ কৰে ।

You might also like