খেলো ইণ্ডিয়াত প্রতিভাৰ সন্ধান হকী ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছত যুৱ প্রতিভাৰ সন্ধানত ব্যস্ত আছে হকী ইণ্ডিয়াৰ হাই পাৰফৰমেঞ্চ ডাইৰেক্টৰ ডেভিদ জন৷ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলো ইণ্ডিয়াৰ হকী ইভেণ্টৰ মেচসমূহত চোকা নজৰ ৰাখি তেওঁ নতুন তাৰকাৰ সন্ধান কৰিছে৷
উল্লেখ্য যে ২০১৮ত নতুন দিল্লীত অনুষ্ঠিত প্রথম সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ পৰা হকী ইণ্ডিয়াই কেইবাগৰাকীও প্রতিভাৱান হকী খেলুৱৈৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰে অন্যতম তাৰকা হ’ল সম্প্রতি ভাৰতীয় ছিনিয়ৰ মহিলা হকী দলৰ নিয়মীয়া সদস্য শর্মিলা দেৱী৷
‘খেলো ইণ্ডিয়া য়ুথ গেমছে যুৱ খেলুৱৈসকললৈ প্রতিভা বিকাশৰ সুৱর্ণ সুযোগ কঢ়িয়াই আনিছে৷ বিগত দুবছৰ ধৰি আমি এই প্রতিযোগিতাখনত যুৱ প্রতিভাৱান খেলুৱৈৰ সন্ধান অব্যাহত ৰাখিছোঁ৷ প্রথম সংস্কৰণৰ পৰা আমি শর্মিলা দেৱীৰ দৰে প্রতিভাৱান খেলুৱৈক আৱিষ্কাৰ কৰিছিলোঁ৷ উন্নত প্রদর্শনেৰে তেওঁ জুনিয়ৰ দলৰ নিয়মীয়া সদস্য হোৱাৰ পিছত এতিয়া ভাৰতীয় ছিনিয়ৰ হকী দলকো প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছে৷ এইবাৰো আমি প্রতিভাৱান খেলুৱৈৰ সন্ধান লাভ কৰিম বুলি আশা ৰাখিছোঁ৷’– হকী ইণ্ডিয়াৰ হাই পাৰফৰমেঞ্চ ডাইৰেক্টৰ ডেভিদ জনে এইদৰে কয়৷ হকী ইণ্ডিয়াৰ প্রতিভা সন্ধানী গোটৰ আন এগৰাকী সদস্য তথা ভাৰতীয় হকী দলৰ প্রাক্তন খেলুৱৈ প্রভজ্যোৎ সিঙে ডেভিদ জনক সংগ দিছে৷
ইফালে, ভেটাপাৰা হকী ষ্টেডিয়ামত চলি থকা ১৭ বছৰ অনূর্ধ্ব মহিলা হকীৰ ফাইনেলত প্রৱেশ কৰিছে হাৰিয়ানা আৰু ঝাৰখণ্ডে৷ আজি অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত হাৰিয়ানাই ওড়িশাক ১–০ আৰু দ্বিতীয়খন ছেমিফাইনেলত ঝাৰখণ্ডে অসমক ৪–০ গ’লত পৰাস্ত কৰে৷
ইফালে, ল’ৰাৰ ১৭ বছৰ অনূর্ধ্বৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে উত্তৰ প্রদেশ আৰু চণ্ডীগড়ে৷ ছেমিফাইনেলত উত্তৰ প্রদেশে আজি ওড়িশাক ৫–১ আৰু চণ্ডীগড়ে পঞ্জাবক ৩–১ গ’লত হৰুৱায়৷