খেলো ইণ্ডিয়াৰ পৰ্যালোচনা বৈঠক
নিয়মীয়া বাৰ্তা ২৭ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে জনতা ভৱনত সমাগত খেলো ইণ্ডিয়া য়ুথ গেমছৰ আয়োজক কমিটীৰ প্রথমখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত খেলো ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া অবিনাশ যোশীয়ে কয় যে ক্রীড়াৰ ক্ষেত্রত দেশৰ যুৱপ্রজন্মক প্রতিভা প্রদর্শনৰ মঞ্চ প্রদান কৰাই খেলো ইণ্ডিয়া গেমছৰ মূল লক্ষ্য৷ ২০২৮ৰ অলিম্পিকৰ প্রতি দৃষ্টি ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে খেলুৱৈ সৃষ্টিৰ বাবে এইধৰণৰ প্রতিযোগিতাৰ পৰিকল্পনা কৰিছিল৷ বৈঠকত ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে খেলো ইণ্ডিয়াৰ প্রস্তুতিৰ অগ্রগতি সম্পর্কে মুখ্যমন্ত্রীক অৱগত কৰায়৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই খেলো ইণ্ডিয়াৰ বাবে পর্যাপ্ত পুঁজি যোগানৰ আশ্বাস দিয়ে৷ শুভাৰম্ভ অনুষ্ঠানলৈ প্রধানমন্ত্রী মোদীক আয়োজক কমিটীয়ে আমন্ত্রণ জনাইছে৷