নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুলপীয়া টেষ্টত জয়ী হ’ল টীম ইণ্ডয়া

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দেশৰ ক্ৰিকেট ইতিহাসৰ প্ৰথমখন গুলপীয়া বলৰ দিবা-নৈশ টেষ্টত তৃতীয় দিনাই বিজয়ৰ মুখ দেখিলে টীম ইণ্ডয়াই । অধিনায়ক বিৰাট কোহলিৰ অনবদ্য শতকৰ সহায়ত ঘৰুৱা দলটোৱে তৃতীয় দিনাই এটা ইনিংছ আৰু ৪৬ ৰানত বিজয় সাব্যস্ত কৰে । উল্লেখ্য যে অধিনায়ক কোহলিৰ দৰ্শনীয় শতকৰ লগতে ঈশান্ত শৰ্মাৰ আকৰ্শনীয় বলিঙৰ সহায়ত বাংলাদেশ দলটো ধৰাসায়ী হৈ পৰাজয় বৰণ কৰে ।

‘মেন অৱ দ্যা মেচ’ৰ সৈতে ঈশান্ত শৰ্মা

২৪১ ৰানৰ লক্ষ্য আগত লৈ মৰণপন যুঁজ দিয়া বাংলাদেশে ভাৰতীয় বলাৰ আগত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৯৫ ৰানতে থমকি ৰয় । এই টেষ্টত ঈশান্ত শৰ্মাই দুয়োটা ইনিংছ মিলাই ৯ টা উইকেট দখল কৰি ‘মেন অৱ দ্যা মেচ’ৰ সন্মান লাভ কৰে । ইপিনে বাংলাদেশৰ সৈতে দ্বিতীয় টেষ্ট মেচত জয়ী হৈ ভাৰতীয় দলটোৱে ২-০ ব্যৱধানত শৃংখলা দখল কৰে । আনহাতে এই শৃংখলা জয়ৰ পাছতে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় দলটোৱে একেৰাহে ৭ খনকৈ টেষ্ট মেচত জয়ী হোৱাৰ অভিলেখ সৃষ্ট কৰিছে ।

You might also like