নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুলপীয়া বলেৰে অনুশীলন আৰম্ভ বিৰাট বাহিনীৰ

প্ৰথম টেষ্টৰ প্ৰাকমুহূৰ্তত ইডেনৰ দিবা-নৈশ টেষ্টৰ বাবে তৎপৰ কোহলি । প্ৰথম টেষ্টৰ প্ৰস্তুতি পিছলৈ এৰি মঙলবাৰে সন্ধিয়া ইন্দোৰত প্ৰায় ২ ঘণ্টাৰ বাবে গোলাপী বলেৰে কঠোৰ অনুশীলন চলালে কোহলি বাহিনীয়ে ।

স্পৰ্টছডেস্ক, ১৩ নৱেম্বৰঃ কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অহা ২২ নৱেম্বৰৰ পৰা ভাৰতে খেলিব ইতিহাসৰ প্ৰথমখন দিবা-নৈশ টেষ্ট । বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া বহু প্ৰত্যাশিত মেচখনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব এছ জিৰ গুলপীয়া বল । টীম ইণ্ডিয়াৰ বাবে এয়াই হ’ব প্ৰকৃত টেষ্ট । কিয়নো এই পৰ্যন্ত এছ জিৰ গুলপীয়া বলৰ মুখামুখী হোৱা নাই বিৰাট কোহলী নেতৃত্বাধীন দলটোৰ এজনো সদস্য ।

গোলাপী বলেৰে কঠোৰ অনুশীলন চলালে কোহলি বাহিনীয়ে

আনহাতে প্ৰথম টেষ্টৰ সামৰণি আৰু ইডেনৰ দিবা-নৈশ টেষ্টৰ মাজৰ বিৰতি মাত্ৰ ৩ দিনৰ । গতিকে কোহলি বাহিনীয়ে প্ৰথম টেষ্টৰ প্ৰস্তুতি পিছলৈ এৰি মঙলবাৰে সন্ধিয়া ইন্দোৰত প্ৰায় ২ ঘণ্টাৰ বাবে গোলাপী বলেৰে কঠোৰ অনুশীলন চলায় । উল্লেখ্য যে ইন্দোৰত অহা বৃহস্পতিবাৰৰ পৰা প্ৰথম টেষ্ট অনুষ্ঠিত হ’ব ।

You might also like