নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আজিৰে পৰা সর্বভাৰতীয় জুনিয়ৰ ৰেংকিং বেডমিণ্টন

নিয়মীয়া বাৰ্তা, ১০ মে’: অসম বেডমিণ্টন সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব সর্বভাৰতীয় জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতা৷ উল্লেখ্য যে ১৯ বছৰ অনূর্ধ্বৰ ল’ৰা–ছোৱালীৰ ৰাষ্ট্রীয় প্রতিযোগিতাখনত দেশৰ সকলো ৰাজ্যৰ পৰাই প্রায় ডেৰ হেজাৰ নৱাগত শ্বাটলাৰে অংশ ল’ব৷ আজি এই বিষয়ে সদৰী কৰি অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে লগতে জনায় যে ইতিমধ্যে প্রায় চৈধ্যশ ল’ৰা–ছোৱালীয়ে প্রতিযোগিতাখনত অংশ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত হৈ নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে৷ উল্লেখ্য যে সাতদিনীয়া ৰাষ্ট্রীয় ৰেংকিং প্রতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ একক তথা ডাবলছ শাখাৰ মেচ হোৱাৰ লগতে মিক্সড ডাবলছ শাখাৰো খেল অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা ১০ বজাত ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্রকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব৷ কাইলৈ পুৱা ন বজাৰ পৰাই কোৱালিফায়িং ৰাউণ্ডৰ মেচসমূহ আৰম্ভ হ’ব৷ অভিলেখসংখ্যক প্রতিযোগীয়ে অংশ লোৱাত অসম বেডমিণ্টন সন্থাই ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্রকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামৰ লগতে কনকলতা ইনড’ৰ ষ্টেডিয়ামতো মেচৰ আয়োজন কৰিব৷ মুঠ ১১খন ক’ট খেলৰ বাবে সাজু কৰা হৈছে বুলি সম্পাদক ৰছিদে অৱগত কৰাই লগতে জনায় যে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশনাৰে দেশৰ প্রায় ডেৰ হেজাৰ নৱাগত শ্বাটলাৰক আদৰিলৈ অসম বেডমিণ্টন সন্থাই সুপৰিকল্পিত ব্যৱস্থাৰে প্রস্তুতি ইতিমধ্যে সম্পূর্ণ কৰি তুলিছে৷ ৰাষ্ট্রীয় ৰেংকিং প্রতিযোগিতাখন সুচাৰুৰূপত আয়োজন কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ সহযোগিতাৰ বাবে অসম বেডমিণ্টন সন্থাই ধন্যবাদ জনাইছে তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ দুবছৰ পূর্ণ কৰাৰ গৌৰৱময় ক্ষণত শুভেচ্ছাও জ্ঞাপন কৰিছে৷ উল্লেখ্য যে প্রতিযোগিতাখনত অসমৰ প্রায় এশগৰাকী ল’ৰা–ছোৱালীয়ে অংশ ল’ব৷ ইফালে, এই প্রতিযোগিতাৰ পৰাই ভাৰতীয় জুনিয়ৰ দলৰ শিবিৰলৈ খেলুৱৈ নির্বাচন কৰিব৷ প্রতিযোগিতাখন সামৰণি পৰিব ১৭ মে’ত৷

You might also like