নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীত চিকিৎসা কৰিব লোকেশ ৰাহুলে

নিয়মীয়া বাৰ্তা ১৭ জুন:  আশংকা কৰাৰ দৰে আঘাতৰ বাবে ইংলেণ্ড ভ্রমণৰ পৰা বাদ পৰিল টীম ইণ্ডিয়াৰ অন্যতম ভৰসা লোকেশ ৰাহুল৷ আজি এই খবৰ নিশ্চিত কৰিছে বিচিচিআইৰ সচিব জয় শ্বাহে৷ অহা ১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া একমাত্র টেষ্টত তেওঁ খেলিব নোৱাৰিব৷ আনকি টেষ্টৰ পিছত টি–২০ আৰু এদিনীয়া শৃংখলাটো পোৱা নাযাব ৰাহুলক৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে চলিত টি–২০ শৃংখলাত ৰাহুলে ভাৰতক নেতৃত্ব দিয়াৰ কথা আছিল৷ কিন্তু আঘাতৰ বাবে তেওঁক শৃংখলাৰ পৰাই বাদ দিবলগীয়া হয়৷ ইয়াৰ পিছত ৰাহুলে ৰাষ্ট্রীয় ক্রিকেট একাডেমীত পুনর্বাসনত ব্যস্ত হৈ আছে যদিও কেতিয়া খেলপথাৰলৈ উভতি আহিব সেয়া নিশ্চিত হোৱা নাই৷ অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে যে ৰাহুলে নেখেলে সেয়া স্পষ্ট কৰি দিছে ব’ডৰ সচিব শ্বাহে৷ তেওঁ জনাইছে যে ভাৰতীয় দলৰ সৈতে ইংলেণ্ডলৈ নগৈ ৰাহুল যাব জার্মানীত চিকিৎসা কৰাবলৈ৷

You might also like