নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকোটত আজি চতুর্থ টি–২০

নিয়মীয়া বাৰ্তা ১৭ জুন:  ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি–২০ শৃংখলাটোৰ চতুর্থখন মেচ আজি ৰাজকোটত অনুষ্ঠিত হ’ব৷ আজিৰ মেচ প্রটিয়াজ বাহিনীতকৈ ঋষভ পণ্ট নেতৃত্বাধীন ভাৰতীয় দলটোৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ কাৰণ আজিৰ মেচখনত পৰাস্ত হোৱা মানে ভাৰতীয় দলটোৱে শৃংখলাটো হেৰুওৱাটো নিশ্চিত৷ প্রথম দুয়োখন মেচত পৰাস্ত হোৱাৰ পিছত বিশাখাপট্টনমত মঙলবাৰে অনুষ্ঠিত তৃতীয়খন মেচত দুর্দান্ত জয়েৰে প্রত্যাৱর্তন কৰা টীম ইণ্ডিয়াই আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰাখি শৃংখলাটোত সমতা স্থাপনৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷

ৰাজকোটত বৃহৎ স্ক’ৰ সংগ্রহ কৰাই প্রধান লক্ষ্য পণ্ট বাহিনীৰ৷ মিডল অর্ডাৰৰ বেটাৰসকলে দাঙি ধৰা প্রদর্শনত সুখী নহয় অধিনায়ক পণ্ট৷ নিজৰ ফর্মক লৈও অসন্তুষ্টি ব্যক্ত কৰি অধিনায়ক পণ্টে কয় যে বিশাখাপট্টনমত অ’পেনাৰদ্বয়ে আক্রমণাত্মক আৰম্ভণি দিছিল যদিও মিডল অর্ডাৰৰ বেটাৰসকলৰ দুর্বল প্রদর্শনৰ বাবে আমি মেচখনত দুই শতাধিক ৰান কৰাত ব্যর্থ হওঁ৷ অৱশ্যে কাইলৈৰ এই বিজয় অপৰিহার্য মেচখনত তেওঁৰ লগতে শ্রেয়াছ আয়াৰ, হার্দিক পাণ্ডিয়া, দীনেশ কার্তিক আৰু ভেংকটেশ আয়াৰে বিস্ফোৰক ইনিংছ খেলিব পাৰিব বুলি আশা ব্যক্ত কৰিছে অধিনায়ক পণ্টে৷ তৃতীয় টি–২০ত বলাৰসকলৰ প্রদর্শনত সন্তুষ্টি ব্যক্ত কৰিছে অধিনায়কগৰাকীয়ে৷

ইফালে, আজি ৰাজকোটত শৃংখলা দখলৰ লক্ষ্য লৈছে প্রটিয়াজ বাহিনীয়ে৷ তৃতীয় টি–২০ত বেটাৰসকলে দাঙি ধৰা প্রদর্শনত অসন্তুষ্টি প্রকাশ কৰি দলটোৰ অধিনায়ক বাভুমাই কয় যে ৰাজকোটত শৃংখলা দখল কৰাই হ’ল আমাৰ প্রধান লক্ষ্য৷ আশা কৰিছোঁ সতীর্থসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷

খেলৰ সময়: সন্ধিয়া ৭ বজা৷

You might also like