জয়েৰে প্রত্যাৱর্তন ভাৰতীয় মহিলা দলৰ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ভাৰতীয় মহিলা ক্রিকেট দলটোৱে ভ্রমণকাৰী দল দক্ষিণ আফ্রিকা মহিলা দলটোৰে খেলি থকা পাঁচখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হৈছে৷ অনুষ্ঠিত দ্বিতীয়খন মেচত মিতালীৰাজ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৯ উইকেটত বিজয় সাব্যস্ত কৰে৷ এই জয়েৰে শৃংখলাটোত ১–১ত সমতা স্থাপন কৰিছে ঘৰুৱা দলটোৱে৷ প্রথমে বেটিং কৰি দক্ষিণ আফ্রিকাই লাৰা বুডালৰ ৪৯ আৰু অধিনায়িকা ছুনে লুচৰ ৩৬ ৰানৰ সহায়ত ৪১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৭ ৰান কৰে৷ ভাৰতৰ হৈ ঝুলন গোস্বামীয়ে সর্বাধিক চাৰিটা, ৰাজেশ্বৰী গাইকোৱাডে তিনিটা, মানসী যোশীয়ে দুটা আৰু হৰমনপ্রীতে এটা উইকেট লয়৷ প্রত্যুত্তৰত স্মৃতি মান্ধানাৰ অপৰাজিত ৮০ আৰু পুনম ৰাৱটৰ অপৰাজিত ৬২ ৰানৰ সহায়ত ভাৰতে ২৮.৪ অভাৰত এটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷