টকিঅ’ অলিম্পিকৰ কোৱালিফায়াৰলৈ অসম কন্যা লাভলিনা
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ মেৰীকমৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰি দেশজুৰি চর্চা লাভ কৰা উদীয়মান মহিলা বক্সাৰ নিখাট জাৰিন অৱশেষত ট্রায়েলত পৰাজয়ৰ সন্মুখীন হ’ল ৷ চীনত ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ কোৱালিফায়াৰত দেশক প্রতিনিধিত্ব কৰিবলগীয়া খেলুৱৈ বাছনিৰ বাবে নতুন দিল্লীত শনিবাৰে অনুষ্ঠিত ট্রায়েলত ছবাৰৰ বিশ্ব চেম্পিয়ন কিংবদন্তি বক্সাৰ মেৰীকমৰ হাতত ৯–১ৰ ব্যৱধানত হাৰ মানে নিখাট জাৰিনে৷
উল্লেখ্য যে নৱেম্বৰত অনুষ্ঠিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জ জয়ৰ পাছতে মেৰীকমক অলিম্পিক কোৱালিফায়াৰৰ বাবে ৫১ কেজি ইভেণ্টত পোনপটীয়াকৈ স্থান দিয়া হ’ব বুলি ভাৰতীয় বক্সিং ফেডাৰেচনে ঘোষণা কৰিছিল৷
ইফালে, ৬৯ কেজি শাখাত অসমৰ লাভলিনা বৰগোহাঁয়ে প্রতিযোগিতাখনৰ বাবে যোগ্যতা লাভ কৰিছে৷ শনিবাৰৰ ট্রায়েলত লাভলিনাই পূজাক ১০–০ৰ ব্যৱধানত পৰাস্ত কৰে৷ চীনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক কোৱালিফায়াৰৰ পৰাই ভাৰতীয় বক্সাৰসকলে ২০২০ৰ টকি’ অলিম্পিকলৈ যোগ্যতা অর্জনৰ সুযোগ লাভ কৰিব৷