টি–২০ত দল গঠনক লৈ সমস্যাত পৰিব ভাৰত
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃঃ সম্পূর্ণৰূপে আধিপত্য বিস্তাৰ কৰি টেষ্ট শৃংখলা জয়ৰ পিছত টীম ইণ্ডিয়াই এইবাৰ ইংলেণ্ডৰ বিৰুদ্ধে টি–২০ শৃংখলালৈ সাজু হৈছে৷ অহা ১২ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখন মেচৰ শৃংখলাৰ বাবে বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে আজিৰে পৰা আহমেদাবাদৰ বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিছে৷ বি চি চি আয়ে টুইটাৰত শ্বেয়াৰ কৰা এক ভিডি’ত দেখা গৈছে যে অধিনায়ক কোহলিয়ে ঋষভ পণ্ট, লোকেশ ৰাহুল আৰু শিখৰ ধাৱনৰ সৈতে দীর্ঘ সময় ধৰি নেটত অনুশীলন চলায়৷ তেওঁলোকক বলিং কৰে শার্দূল ঠাকুৰ আৰু নৱদীপ ছাইনীয়ে৷ একেদৰে ৰাহুল, ধাৱন, সূর্য কুমাৰ যাদৱ, শ্রেয়াছ আয়াৰ আদিয়ে ফিল্ডিং প্রশিক্ষকৰ তত্ত্বাৱধানত প্রায় এঘণ্টা ফিল্ডিঙৰ অনুশীলন কৰে৷
উল্লেখ্য যে ইংলেণ্ডক টেষ্ট শৃংখলাত ৩–১ৰ ব্যৱধানত বিধ্বস্ত কৰি উজ্জীৱিত হৈ থকা টীম ইণ্ডিয়াই সমাগত টি–২০ শৃংখলাত দল গঠনক লৈ কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো, কেইবাগৰাকীও তাৰকা আৰু প্রতিভাৱান খেলুৱৈয়ে টি–২০ দলটোত স্থান লাভ কৰিছে৷ বিশেষকৈ অ’পেনিঙত লোকেশ ৰাহুল, শিখৰ ধাৱন, ৰোহিত শর্মাৰ মাজৰ পৰা যিকোনো দুজনকহে দলে মূল একাদশত স্থান দিব পাৰিব৷ ইয়াৰ পূর্বে ৰাহুলক টীম ইণ্ডিয়াই উইকেটৰক্ষক হিচাপে সুযোগ দিছিল যদিও ঋষভ পণ্টৰ শেহতীয়া দুর্দান্ত ফর্মে দল গঠনক লৈ সমস্যা অধিক বৃদ্ধি কৰিছে৷ পণ্টক উইকেটৰক্ষকৰ দায়িত্ব আগবঢ়ালে লোকেশ ৰাহুল দলৰ পৰা বাদ পৰাটো নিশ্চিত৷ আন এগৰাকী প্রতিভাৱান উইকেটৰক্ষক তথা বেটছমেন ঈশান কিশনেও টীম ইণ্ডিয়াত স্থান লাভৰ বাবে অপেক্ষা কৰি আছে৷
ইফালে, আই পি এল আৰু ঘৰুৱা ক্রিকেটত ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰা মুম্বাইৰ বেটছমেন সূর্য কুমাৰ যাদৱ আৰু শ্রেয়াছ আয়াৰৰ মাজত দলত স্থান লাভৰ বাবে তীব্র যুঁজ হ’ব৷ বলিঙত বুমৰাহৰ অনুপস্থিতিত ভুবনেশ্বৰ কুমাৰে স্থান পোৱাটো একপ্রকাৰ নিশ্চিত৷ উমেশ যাদৱ, নৱদীপ ছাইনী আৰু শার্দূল ঠাকুৰো টি–২০ শৃংখলাৰ বাবে সাজু হৈ আছে৷