ক্রীড়া-জগত দর্শকৰ উপস্থিতিত হ’ব টকিঅ’ অলিম্পিক By নিয়মীয়া বাৰ্তা On Jul 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে এবছৰলৈ পিছুৱাই দিয়া টকি’ অলিম্পিকখন সময়মতে অনুষ্ঠিত হ’ব৷– এই মন্তব্য কৰিছে আন্তর্জাতিক অলিম্পিক কমিটীৰ অধ্যক্ষ থমাছ বাকে৷ ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত ক’ৰোনা ভাইৰাছৰ কোনো ধৰণৰ প্রভাৱ নপৰে বুলি উল্লেখ কৰি আই’চিৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে অলিম্পিকখনৰ খেলসমূহ ষ্টেডিয়ামত উপস্থিত থাকি দর্শকসকলে উপভোগ কৰিব পাৰিব৷ ইফালে, অলিম্পিকখনত ভাগ ল’বলগীয়া খেলুৱৈসকলৰ স্বাস্থ্য আৰু জীৱন সুৰক্ষাৰ প্রতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ আই’চিৰ এক বৈঠকত অংশগ্রহণ কৰি সাংবাদিকৰে হোৱা বার্তালাপত আন্তর্জাতিক অলিম্পিক কমিটীৰ অধ্যক্ষ থমাছ বাকে কয় যে জাপান চৰকাৰৰ সৈতে লগ লাগি টকিঅ’ অলিম্পিকখন সফল আয়োজন কৰাৰ বাবে কাম কৰি আছোঁ৷ সর্ববৃহৎ প্রতিযোগিতাখনৰ বাবে তৈয়াৰ কৰা সকলো নিয়ম পালন কৰা হ’ব বুলি উল্লেখ কৰি আই’চিৰ অধ্যক্ষগৰাকীয়ে কয় যে অলিম্পিকখনত ভাগ ল’বলগীয়া সকলো লোকৰ সুৰক্ষা প্রদান কৰাটো আমাৰ প্রধান কর্তব্য৷ বিশ্ব স্বাস্থ্য সংগঠনৰ নিয়ম–নীতি পালন কৰি টকিঅ’ অলিম্পিকখন আয়োজন কৰাৰ বাবে আগবাঢ়িছে বুলি উল্লেখ কৰি থমাছ বাকে কয় যে টকিঅ’ অলিম্পিকখন বিনা দর্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱাটো আমি নিবিচাৰোঁ৷ Share