নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ ভৱিষ্যতক লৈ সন্দেহ প্রকাশ কপিলৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্রিকেটৰ অন্যতম সফল অধিনায়ক তথা কিংবদন্তি উইকেটৰক্ষক মহেন্দ্র সিং ধোনীৰ ভৱিষ্যতক লৈ সন্দেহ প্রকাশ কৰিছে প্রাক্তন অধিনায়ক কপিল দেৱে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ সোমবাৰে স্পষ্টকৈ উল্লেখ কৰে যে ৬–৭ মাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছত যিকোনো খেলুৱৈৰ বাবে প্রত্যাৱর্তন যথেষ্ট কঠিন হৈ পৰে৷ সমাগত আই পি এলত ধোনীৰ প্রদর্শন অত্যন্ত গুৰুত্বপূর্ণ হ’ব বুলিও কপিল দেৱে প্রকাশ কৰে৷ তেওঁ কয় যে ধোনীৰ সন্মুখত এতিয়া আই পি এলত উন্নত প্রদর্শন দাঙি ধৰাৰ সুবর্ণ সুযোগ আছে৷ প্রতিযোগিতাখনত তেওঁৰ প্রদর্শনৰ ওপৰত সকলোৰে নজৰ থাকিব৷ ৰাষ্ট্রীয় নির্বাচকমণ্ডলীয়ে ধোনীৰ ফর্ম প্রত্যক্ষ কৰাৰ পিছত এক চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ ‘ধোনীয়ে দেশৰ হৈ যথেষ্টখিনি কৰিছে৷ কিন্তু ৬–৭ মাহ ধৰি নেখেলাৰ পিছত তেওঁ দললৈ কিদৰে প্রত্যাৱর্তন ঘটাব, সেয়া নিশ্চিত নহয়৷ দীঘলীয়া সময়ৰ বাবে এইদৰে ক্রিকেটৰ পৰা আঁতৰি থকাৰ পিছত সকলোৰে মনত সন্দেহ সৃষ্টি হোৱাটো স্বাভাৱিক৷’ কপিল দেৱে এইদৰে কয়৷ উল্লেখ্য যে ধোনীৰ প্রত্যাৱর্তনক লৈ শেহতীয়াকৈ ভাৰতৰ একালৰ কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰেও সন্দেহ প্রকাশ কৰিছিল৷ ইমান দীঘলীয়া সময় ধৰি ধোনীয়ে কিয় ক্রিকেটৰ পৰা আঁতৰি আছে, সেয়া প্রশ্ণৰ বিষয় বুলি তেওঁ প্রকাশ কৰিছিল৷ টীম ইণ্ডিয়াৰ প্রশিক্ষক ৰবি শাস্ত্রীয়েও কিছুদিন পূর্বে কৈছিল যে ধোনীৰ বাবে আই পি এলৰ প্রদর্শন লক্ষণীয় হ’ব৷

You might also like