পণ্ট অবিহনে ৰাজকোটলৈ ভাৰতীয় দল
নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টে অষ্ট্ৰেলিয়াৰ বিৰোধে দ্বিতীয় এদিনীয়াত খেলাক লৈ অনিশ্চিয়তাই দেখা দিছে। পন্টে প্ৰথম খন মেচত বেটিং কৰি থাকোতেই মূৰত আঘাত পাইছিল যাৰ বাব দ্বিতীয় ইংনিছত ফিল্ডিং কৰা নাছিল।
যাৰ পৰিপেক্ষিত ভাৰতীয় দলটোৱে পণ্টৰ অবিহনেই ৰাজকোটলৈ যাত্ৰা কৰিছে। দলীয় সূত্ৰই প্ৰকাশ কৰিছে যে যদি পণ্টে খেলিব নোৱাৰে তেতিয়া চঞ্জু চেমজনৰ দলৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভীৱনাই অধিক।