আলু, পিঁয়াজৰ ব্যৱসায় যদি সম্ভৱ, তেন্তে ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট খেল কিয় সম্ভৱ নহয় ?
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছুয়েব আখতাৰে পুনৰবাৰ ভাৰত-পাকিস্তানৰ মাজত দ্বিপাক্ষীয় শৃংখলা অনুষ্ঠিত হোৱাৰ পুষকতা কৰিছে । লগতে আখতাৰে কয় যে- যদি দুয়োখন দেশৰ মাজত ব্যৱসায়ীক সম্বন্ধৰ লগতে বিভিন্ন খেলৰ বাবে দুয়োখন দেশলৈকে অহাযোৱা চলি আছে । তেনেক্ষেত্ৰত ক্ৰিকেট খেলক লৈ সমস্যা কিয় ?
আখতাৰে তেওঁৰ ইউটিউব একাউণ্টত এক ভিডিঅ’ প্ৰচাৰ কৰি কৈছে- যদি আমি ডেভিছ কাপ খেলিব পাৰো, আমি কাবাডীও খেলিব পাৰো, তেন্তে ক্ৰিকেটত ক্ষেত্ৰত কিয় ৰাজনীতি হয় ! যদি আপোনালোকে সম্বন্ধবোৰ শেষ কৰিব বিচাৰিছেই তেন্তে ব্যৱসায় আৰু বাকী খেলসমূহ বাদ দিয়ক । ই সঁচাকৈ বহুত নিৰাশজনক কথা ।
ইফালে আখতাৰে এনেদৰে ক্ষোভ উজাৰি দুয়োখন দেশৰ মাজত দ্বিপাক্ষীয় শৃংখলা অনুষ্ঠিত হোৱাৰ পুষকতা কৰি এক তৃতীয় স্থান নিৰ্বাচনৰো পৰামৰ্শ দিয়ে । যাতে দুয়োখন দেশে সুৰক্ষিতভাৱে খেল অনুষ্ঠিত কৰিব পাৰে ।
শুণক কি কৈছিল পাক ক্ৰিকেটাৰ ছুয়েব আখতাৰে-