নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত প্রত্যাৱর্তন ঘটিব বুমৰাহ–ধাৱনৰ, ৰোহিতক বিশ্রাম

জানুৱাৰীত শ্রীলংকাৰে টি–২০, অষ্ট্রেলিয়াৰে এদিনীয়া শৃংখলা

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত প্রত্যাৱর্তন ঘটিব টীম ইণ্ডিয়াৰ দুই তাৰকা যশপ্রীত বুমৰাহ আৰু শিখৰ ধাৱনৰ৷ শ্রীলংকাৰ বিৰুদ্ধে অহা ৫ জানুৱাৰীৰ পৰা আৰু অষ্ট্রেলিয়াৰ বিৰুদ্ধে ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া সীমিত অ’ভাৰ শৃংখলাৰ বাবে সোমবাৰে ঘোষিত ভাৰতীয় দললৈ বেগী বলাৰ বুমৰাহ আৰু অ’পেনাৰ ধাৱনৰ প্রত্যাৱর্তন ঘটিছে৷ আঘাতৰ বাবে দীর্ঘদিন ধৰি ক্রিকেটৰ পথাৰৰ পৰা আঁতৰি থকা তাৰকা দুগৰাকীক অহা ৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত–শ্রীলংকাৰ প্রথম টি–২০ত টীম ইণ্ডিয়াৰ জার্ছীত পুনৰ দেখিবলৈ পোৱা যাব৷ অৱশ্যে তাৰকা অ’পেনাৰ ৰোহিত শর্মা আৰু বেগী বলাৰ মহম্মদ ছামিক গুৱাহাটীৰ দর্শকে দেখিবলৈ নাপাব৷ নতুন দিল্লীত সোমবাৰে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে ঘোষণা কৰা টি–২০ দলটোৰ পৰা তাৰকা দুগৰাকীক বিশ্রাম দিয়া হৈছে৷ ‘শ্রীলংকা আৰু অষ্ট্রেলিয়াৰ বিৰুদ্ধে জানুৱাৰীত খেলিবলগীয়া শৃংখলা দুটাৰ বাবে যশপ্রীত বুমৰাহৰ প্রত্যাৱর্তন ঘটিছে৷ ইয়াৰ বিপৰীতে ৰোহিত শর্মা আৰু মহম্মদ ছামিক টি–২০ শৃংখলাটোৰ পৰা বিশ্রাম দিয়া হৈছে৷ অ’পেনাৰ শিখৰ ধাৱনেও দুয়োটা দললৈ প্রত্যাৱর্তন ঘটাইছে৷ টি–২০ত সঞ্জু ছেমছনক বেকআপ অ’পেনাৰ হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷’ মুখ্য নির্বাচক এম এছ কে প্রসাদে এইদৰে কয়৷

উল্লেখ্য যে চলিত বর্ষত অ’পেনাৰ ৰোহিত শর্মাই ভাৰতীয় দলৰ হৈ সর্বাধিক ৪৭খন মেচ খেলিছে৷ গতিকে তেওঁক বিশ্রামৰ অত্যন্ত প্রয়োজন আছিল বুলি মুখ্য নির্বাচক প্রসাদে উল্লেখ কৰে৷ ইফালে, আঘাতৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিম এদিনীয়াত খেলিব নোৱৰা উদীয়মান বেগী বলাৰ দীপক চহৰে কোনো এটা দলতে স্থান লাভ নকৰিলে৷ তেওঁৰ সলনি প্রতিভাৱান বেগী বলাৰ নৱদীপ চাইনীয়ে টি–২০ৰ লগতে এদিনীয়া দলতো সুযোগ লাভ কৰিছে৷ মন কৰিবলগীয়া যে ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে অহা ৫ জানুৱাৰীৰ পৰা টি–২০ আৰু ১৪ জানুৱাৰীৰ পৰা অষ্ট্রেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অৱতীর্ণ হ’ব৷ ইফালে, আঘাতৰ পৰা ক্রমাৎ আৰোগ্য লাভ কৰা তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই আগন্তুক নিউজিলেণ্ড ভ্রমণত প্রত্যাৱর্তন ঘটোৱাৰ সম্ভাৱনা আছে বুলি নির্বাচক মণ্ডলীয়ে ইংগিত দিছে৷ ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰতৰ নিউজিলেণ্ড ভ্রমণত পাণ্ডিয়া দলত অন্তর্ভুক্ত হ’ব পাৰে বুলি এম এছ কে প্রসাদে জানিবলৈ দিয়ে৷ উল্লেখ্য যে নিউজিলেণ্ড ভ্রমণত ভাৰতে পাঁচখন টি–২০, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট খেলিব৷ টি–২০ দলটোঃ কোহলি (অধিনায়ক), ধাৱন, ৰাহুল, শ্রেয়াছ, ঋষভ, জাদেজা, ডুবে, ছাহাল, কুলদীপ, বুমৰাহ, ছাইনী, শার্দুল, মনীষ, ৱাশ্বিংটন, সঞ্জু ছেমছন এদিনীয়া দলটোঃ কোহলি (অধিনায়ক), ধাৱন, ৰোহিত, ৰাহুল, শ্রেয়াছ, মনীষ, পণ্ট, কেদাৰ, শিৱম, জাদেজা, কুলদীপ, ছাহাল, ছাইনী, শার্দুল আৰু বুমৰাহ৷

You might also like