নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাখাপট্টনমত সুন্দৰ আৰম্ভণি টীম ইণ্ডিয়াৰ

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ চেন্নাইত অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াই আজি শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত অৱতীর্ণ হৈছে ৷

ইতিমধ্যে ১৯ অভাৰত ভাৰতীয় দলটোৰ হৈ প্ৰথম যুটিতে ৯৭ ৰান সংগ্ৰহ কৰিছে টীম ইণ্ডিয়াই । য’ত ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য বেটছমেনদ্বয় ৰোহিত শৰ্মাই অপৰাজিত ৪০ ৰানৰ বিপৰীতে লোকেশ ৰাহুলে ৫৪ ৰানেৰে খেলি আছে ।

ভাৰতীয় দলৰ লোকেশ ৰাহুলৰ কভাৰ ড্ৰাইভৰ দৃশ্য

বিশাখাপট্টনমত অনুষ্ঠিত হোৱা মেচখনত ভাৰতৰ বাবে জয় অনিবার্য হৈ পৰিছে ৷ কিয়নো, কিৰন পোলার্ড নেতৃত্বাধীন আলহী দলটোৱে প্রথম এদিনীয়াৰ দৰে দ্বিতীয় এদিনীয়াতো অঘটন সৃষ্টিৰে জয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই ঘৰৰ মাটিত শৃংখলা হেৰুওৱাটো নিশ্চিত হ’ব ৷ সেয়ে মেচখনক অত্যন্ত গুৰুত্বসহকাৰে লৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ৷

উল্লেখ্য যে চেন্নাইৰ প্রথম এদিনীয়াত ভাৰতৰ বলিং আক্রমণৰ দুর্বলতাৰ সুযোগ লৈ ৱেষ্ট ইণ্ডিজৰ দুই উদীয়মান তাৰকা ছিমৰন হেটমায়াৰ আৰু ছাই হ’প দুর্দান্ত শতকেৰে উজলি উঠিছিল ৷

You might also like