নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ছেমিফাইনেলক বাদ দি বছৰটো আছিল স্মৰণীয়

২০১৯ক ভাৰতৰ বাবে চমকপ্ৰসদ আখ্যা কোহলিৰ

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ ২০১৯ক টীম ইণ্ডিয়াৰ বাবে চমকপ্রদ বর্ষ হিচাপে গণ্য কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ দেওবাৰে নিশা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২–১ৰ ব্যৱধানত এদিনীয়া শৃংখলা দখল কৰাৰ পিছত উৎফুল্লিত কোহলিয়ে কয় যে আই চি চি এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলৰ ৩০ মিনিটক বাদ দি গোটেই বছৰটো টীম ইণ্ডিয়াৰ বাবে আছিল স্মৰণীয় বর্ষ৷ উল্লেখ্য যে অধিনায়ক কোহলিৰ ৮৫ ৰানৰ দুর্দান্ত ইনিংছৰ সহায়ত ভাৰতে দেওবাৰে ৱেষ্ট ইণ্ডিজক তৃতীয় এদিনীয়াত ৪ উইকেটত পৰাস্ত কৰি এদিনীয়া শৃংখলাত শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হয়৷ সামগ্রিকভাৱে এই বর্ষটোত কোহলিয়ে ২৬খন এদিনীয়াত ১৩৭৭ ৰান সংগ্রহ কৰে৷ ইফালে, চলিত বছৰটোত ভাৰতীয় বেগী বলাৰে দাঙি ধৰা চমকপ্রদ প্রদর্শনক ভূয়সী প্রশংসা কৰে অধিনায়ক কোহলিয়ে৷ এদিনীয়া, টি–২০ৰ লগতে টেষ্ট ক্রিকেটত ভাৰতীয় বেগী বলাৰে বিধ্বংসী বলিঙেৰে বিশ্বৰ প্রতিটো দলক প্রত্যাহ্বান জনাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি তাৰকা বেটছমেনগৰাকীয়ে কয় যে এই ধৰণৰ বেগী বলিং আক্রমণৰ সৈতে ভাৰতে এতিয়া বিশ্বৰ যিকোনো প্রান্তত মেচ জয় কৰিব পাৰে৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামিয়ে চলিত বর্ষত বিশ্বৰ ভিতৰতে সর্বাধিক এদিনীয়া উইকেট দখল কৰিবলৈ সক্ষম হয়৷ এই বছৰটোত তেওঁ ২১খন এদিনীয়াত মুঠ ৪২টা উইকেট দখল কৰে৷ ইয়াৰ বিপৰীতে নিউজিলেণ্ডৰ বেগী বলাৰ ট্রেণ্ট ব’ল্টে ৩৮টা উইকেট দখলেৰে মহম্মদ ছামিৰ পিছত স্থান লাভ কৰিছে৷ য়র্কাৰ বিশেষজ্ঞ হিচাপে চিহ্ণিত যশপ্রীত বুমৰাহকো অধিনায়ক কোহলিয়ে প্রশংসাৰে ওপচাই পেলায়৷

You might also like