বিশ্বৰ সর্ববৃহৎ ক্রিকেট জার্ছী তৈয়াৰেৰে নৰেন্দ্র মোদী ষ্টেডিয়ামত বিশ্ব অভিলেখ
নিয়মীয়া বাৰ্তা, ৩০ মে’: আই পি এলৰ হাইভল্টেজ ফাইনেলক কেন্দ্র কৰি ক্রিকেট অনুৰাগীৰ মাজত দেখা গৈছে সীমাহীন উত্তেজনা৷ কিন্তু গুজৰাট আৰু ৰাজস্থানে খিতাপৰ যুঁজত মুখামুখি হোৱাৰ পূর্বেই আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত সৃষ্টি হ’ল বিশ্ব অভিলেখৰ৷ গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডত নাম খোদিত হ’ল বিশ্বৰ সর্বাধিক জনপ্রিয় প্রতিযোগিতা আই পি এলৰ৷
উল্লেখ্য যে তিনি বছৰৰ পিছত আই পি এলৰ ফাইনেললৈ উভতি আহিছে সামৰণী অনুষ্ঠান৷ দর্শকেৰে পৰিপূর্ণ এই জাকজমকতাপূর্ণ অনুষ্ঠানৰ মঞ্চত ৰণবীৰ সিং আৰু এ আৰ ৰহমানৰ প্রদর্শনে সকলোকে মন্ত্রমুগ্ধ কৰিলে৷ ৰণবীৰহঁতৰ অনুষ্ঠানৰ পূর্বে ৰবি শাস্ত্রীয়ে মাইক হাতত লৈ ঘোষণা কৰিলে যে গীনিজ বুকত নাম লিখিবলৈ আগবাঢ়িছে এইবাৰৰ আই পি এলে৷
আচলতে বিশ্বৰ আটাইতকৈ বৃহৎ ক্রিকেট জার্ছী তৈয়াৰ কৰি সজাই তোলা হৈছে এই ষ্টেডিয়াম৷ ৬৬ মিটাৰ দীঘল আৰু ৪২ মিটাৰ বহল জার্ছীটোত ডাঙৰকৈ অঁকা আছে আই পি এল ১৫৷ ইয়াৰ লগতে আছে দহটা দলৰ লগ’৷ এই জার্ছী তৈয়াৰ কৰিয়ে সকলোকে অবাক কৰিছে আয়োজকসকলে৷ আৰু এই অভিনৱ প্রয়াসেৰেই পুৰস্কাৰ লাভ কৰিলে আয়োজকে৷ গীনিজ বুকৰ প্রতিনিধিৰ তৰফৰ পৰা বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ হাতত তুলি দিয়া হয় প্রমাণ–পত্র৷