নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ

শীৰ্ষত অক্ষুণ্ণ ভাৰত

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ বাংলাদেশক দ্বিতীয় টেষ্টত ইনিংছৰ ব্যৱধানত বিধ্বস্ত কৰি ভাৰতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। বাংলাদেশৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা হস্তগত কৰা টীম ইণ্ডিয়াৰ পইণ্টৰ সংখ্যা এতিয়া ৩৬০ লৈ বৃদ্ধি পাইছে। উল্লেখ্য যে আই চি চি বিশ্ব চেম্পিয়নশ্বিপৰ অধীনত ভাৰতে এই পৰ্যন্ত ৱেষ্ট ইণ্ডিজক চেম্পিয়নশ্বিপৰ অধীনত ভাৰতে এই পৰ্যন্ত ৱেষ্ট ইণ্ডিজক ২-০, দক্ষিণ আফ্ৰিকাক ৩-০ আৰু বাংলাদেশক ২-০ ব্যৱধানত পৰাস্ত কৰি টেষ্ট ক্ৰিকেটত আধিপত্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। অষ্ট্ৰেলিয়াই এই মুহূৰ্তত তালিকা দ্বিতীয় স্থান অধিকাৰ কৰি আছে।

You might also like