বিৰাট কোহলিৰ এজন একান্ত অনুৰাগী; শৰীৰত কোহলিসহ ১৬ টা টেটু
নিউজডেস্ক, ২২ ডিচেম্বৰঃ এইবাৰ চৰ্চাৰ বিষয় শচীন তেণ্ডুলকাৰৰ ভক্ত সুধীৰ কুমাৰ চৌধুৰী অথবা ধোনীৰ ভক্ত ৰাম বাবু নহয় । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ অনুৰাগী এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে ।

পিণ্টু বেহৰা নামৰ এইজন কোহলি অনুৰাগীয়ে কটকত অনুষ্ঠিত তৃতীয় তথা অন্তিম এদিনীয়াৰ প্ৰাকক্ষণত তেওঁৰ সমগ্ৰ শৰীৰত বিৰাট কোহলিৰ ১৬ টা টেটু অংকিত কৰি খেল চোৱাৰ বাবে ষ্টেডিয়ামত উপস্থিত হয়।
ইপিনে এই টেটু সমূহৰ ভিতৰত পিঠিত কোহলিৰ ‘জাৰ্চি নম্বৰ ১৮’ লগতে বুকুত কোহলিৰ সম্পূৰ্ণ এখন ফটোৰ লগতে মুঠ ১৬ টা টেটু দেখিবলৈ পোৱা গৈছে ।
বৰ্তমান এইজন কোহলি অনুৰাগী ছ’চিয়েল মিডিয়াটো চৰ্চিত হৈ পৰিছে ।