নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ডিচেম্বৰত অবড়ো সুৰক্ষা সমিতিৰ অসম বন্ধ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ বৰাক উপত্যকা, বি টি এ ডি আৰু পার্বত্য জিলাকেইখনত অসমীয়াক সহযোগী ভাষা কৰা সন্দর্ভত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা প্রস্তাৱৰ বিৰোধিতা কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ৷

সংগঠনটোৰ মতে, এনে প্রস্তাৱ কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ কেবিনেটৰ প্রস্তাৱক প্রত্যাহ্বান জনাই অবড়ো সুৰক্ষা সমিতিয়ে অহা ২৪ ডিচেম্বৰৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনোৱাৰ লগতে প্রতিবাদী কার্যসূচী ঘোষণা কৰিছে৷

কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰম আৰু সম্পাদক মাধৱ ৰাজবংশীয়ে কয়– বিটিচি অঞ্চলত অসমীয়া ভাষাক প্রধান ভাষা হিচাপে গ্রহণ কৰিবলৈ পূর্বৰে পৰা আমি দাবী জনাই আহিছোঁ৷ চৰকাৰৰ এনে প্রস্তাৱে বিটিচি অঞ্চলত বসবাস কৰা অসমীয়াভাষী লোকৰ ভাষিক অধিকাৰ আকৌ এবাৰ খর্ব কৰিলে৷ ২০০৩ চনৰ বিটিচি চুক্তিৰ জৰিয়তে ইতিমধ্যে বিটিচিত বসবাস কৰা অসমীয়াভাষী লোকৰ সকলো অধিকাৰ খর্ব কৰা হৈছে৷ কেবিনেটৰ সিদ্ধান্ত ৰাজ্যত চলি থকা ‘কা’বিৰোধী আন্দোলন মষিমূৰ কৰাৰ এক চৰকাৰী ষড়যন্ত্রহে মাথোন৷ এনে ষড়যন্ত্রই জনতাৰ প্রতিবাদী কণ্ঠক কেতিয়াও স্তব্ধ কৰিব নোৱাৰে৷

অসম বন্ধ কার্যসূচীৰ পৰা ৰাজ্যত চলি থকা ‘কা’বিৰোধী সকলো প্রতিবাদী কার্যসূচী ৰেহাই দিয়াৰ কথা সদৰী কৰি উল্লিখিত কার্যসূচীসমূহ ৰাইজক গণতান্ত্রিক আৰু অহিংস পন্থাৰে সফল ৰূপায়ণ কৰিবলৈ অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনায়৷

You might also like