নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“বিৰাট কোহলি ক্রিকেটৰ ৰ’নাল্ডো”- ব্রায়ান লাৰা

নিউজডেস্ক, ১৭ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক ফুটবলৰ ছুপাৰ ষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ সৈতে তুলনা কৰিছে ৱেষ্ট ইণ্ডিজৰ একালৰ মহান বেটছমেন ব্রায়ান লাৰাই ৷

পি টি আইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে শাৰীৰিক আৰু মানসিক সক্ষমতাৰ দিশৰ পৰা কোহলি হ’ল ক্রিকেট জগতৰ ৰ’নাল্ডো ৷

লাৰাই কয় যে-

 ‘ক্রিকেটৰ প্রতি কোহলিৰ উৎসর্গিত মনোভাব অতুলনীয় ৷ সঠিক অনুশীলন আৰু শাৰীৰিক, মানসিক উৎকর্ষ সাধনেৰে কোহলি এগৰাকী মহান খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ মোৰ বাবে তেওঁ ক্রিকেট জগতৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো ৷ তেওঁৰ ফিটনেছ আৰু মানসিক শক্তি সঁচাকৈয়ে অবিশ্বাস্য ৷’

You might also like