ভাৰত–শ্রীলংকাৰ এদিনীয়া মেচৰ প্রস্তুতিৰ বুজ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: অহা ১০ জানুৱাৰীত ভাৰত আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’ব লগা শৃংখলাৰ প্রথমখন এদিনীয়াৰ পূর্বে আজি নিশা বর্ষাপাৰাৰ এচিএ ষ্টেডিয়াম পৰিদর্শন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ ষ্টেডিয়ামৰ গ্রাউণ্ড পৰিদর্শন কৰাৰ লগতে অসম ক্রিকেট সন্থাৰ বিষয়ববীয়াসকলৰ পৰা মেচখনৰ প্রস্তুতি সম্পর্কে বুজ লয়৷ ইয়াৰ পিছতে সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে মেচখন সফলভাৱে আয়োজনৰ বাবে প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷ ইপিনে আজি বিয়লি অনুষ্ঠিত এখন সংবাদ মেলত ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয় যে মেচখন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে আন্তঃগাঁথনিকে ধৰি ষ্টেডিয়ামৰ সকলো কাম সম্পূর্ণ কৰি তোলা হৈছে৷ তেওঁ কয় যে এইখন মেচৰ সফলতাৰ ওপৰতে গুৱাহাটীত বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ দায়িত্ব লাভৰ বিষয়টো বহু পৰিমাণে নির্ভৰ কৰিব৷ সভাপতিগৰাকীৰ মতে, এদিনীয়া মেচ আয়োজনৰ দায়িত্ব প্রদান কৰা বিষয়টো গুৱাহাটীত বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ ইংগিত ভাৰতীয় ক্রিকেট ব’ডৰ৷ সংবাদ মেলত উপস্থিত থাকি কামৰূপ মহানগৰ জিলাৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে পূর্বৰ মেচসমূহৰ দৰে এইখন মেচো নিশ্চিতভাৱে সফলভাৱে অনুষ্ঠিত কৰিব পৰা যাব৷ ইয়াৰ বাবে যাতে কোনোধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে কাইলৈ আৰু পৰহিলৈ ষ্টেডিয়াম চৌহদত নির্দিষ্ট অনুমতি–পত্র থকা লোকৰ বাহিৰে আন লোকে প্রৱেশ কৰিব নোৱাৰিব৷ আনকি অনুশীলনৰ সময়ত সংবাদ মাধ্যমৰ লোককো প্রৱেশ কৰিবলৈ দিয়া নহ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ষ্টেডিয়ামত প্রৱেশ কৰিবলগীয়া দর্শকসকলে বাহিৰত আঁৰি থোৱা নক্সাৰ পৰা সবিশেষ জানিব পাৰিব বুলিও তেওঁ কয়৷ খেলখন দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব যদিও দর্শকৰ সুবিধার্থে তিনি ঘণ্টা পূর্বেই প্রৱেশদ্বাৰ খুলি দিয়া হ’ব৷ দর্শকে লগত ম’বাইল, মানীবেগ আৰু গাড়ীৰ চাবিহে নিব পাৰিব বুলিও আৰক্ষী বিষয়াজনে জনাইছে৷ সংবাদ মেলত গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, যান–বাহন শাখাৰ উপ–আৰক্ষী আয়ুক্ত হিৰণ্য কুমাৰ বর্মন আৰু এচিএৰ প্রাক্তন সম্পাদক দেৱজিৎ শইকীয়া সংবাদ মেলত উপস্থিত থাকে৷