নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা টি-২০ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় ক্ৰিকেট দলৰ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে মহিলা আই চি চি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে বৃহস্পতিবাৰে নিউজিলেণ্ড দলটোক ৪ ৰাণত পৰাস্ত কৰে। ভাৰতীয় দলৰ এই মেগা প্ৰতিযোগিতাখনত এইটো তৃতীয়টো বিজয়। ইয়াৰ আগতে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া আৰু বাংলাদেশক পৰাস্ত কৰিছিল।
ভাৰতীয় দলটোৱে টছত হাৰি প্ৰথমে বেটিং ৰ বাবে আমন্ত্ৰণ লাভ কৰে। ভাৰতে শ্বেফালী বৰ্মাৰ ৪৬ ৰাণৰ সহায়ত ৮ উইকেটৰ বিনিময়ত ১৩৩ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডে দলটোৱে ৫ উইকেটত কেৱল ১২৯ ৰাণহে সংগ্ৰহ কৰে। ভাৰতীয় দলটো মেগা প্ৰতিযোগিতাখনত ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল।

You might also like