মহিলা টি–২০ বিশ্বকাপত আজি ভাৰত–বাংলাদেশ
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াক হৰুৱাই আই চি চি মহিলা টি–২০ বিশ্বকাপত অভিযান আৰম্ভ কৰা ভাৰত আজি বাংলাদেশৰ মুখামুখি হ’ব৷ পার্থৰ ৱাকা গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া মেচখন ভাৰতে অত্যন্ত গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ কিয়নো, বাংলাদেশে ইয়াৰ পূর্বে কেইবাবাৰো অঘটন ঘটাই ভাৰতক হৰুৱাবলৈ সক্ষম হৈছে৷
আন এক অঘটনৰ বলি নহ’বলৈ আজি স্মৃতি মান্ধানা বাহিনীয়ে বেটিঙত সুন্দৰ প্রদর্শন দাঙি ধৰিব লাগিব৷ দলটোৱে অষ্ট্রেলিয়াৰ বিৰুদ্ধে জয়ী হ’লেও বেটিঙত বিশেষ আশাপ্রদ প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷
উল্লেখ্য যে ২০১৮ৰ এছিয়া কাপৰ ফাইনেলত ভাৰতে বাংলাদেশৰ হাতত অপ্রত্যাশিতভাৱে তিনি উইকেটত পৰাস্ত হৈছিল৷ ইফালে, ভাৰতৰ তাৰকা বেটছমেন স্মৃতি মান্ধানা আৰু বাংলাদেশৰ লেগস্পিনাৰ ফাহিমা খাতুনৰ মুখামুখি লক্ষণীয় হ’ব৷ ২০১৬ৰ টি–২০ বিশ্বকাপৰ এখন মেচত ফাহিমাই মান্ধানাক প্রথমটো বলতে পেভিলিয়নমুখী কৰিছিল৷
খেলৰ সময়ঃ বিয়লি ৪.৩০ বজা