ছাউদাম্পটনত আজি ইংলেণ্ডৰে অন্তিম টি-২০ টীম ইণ্ডিয়াৰ
ইংলেণ্ড ভ্রমণত পৰাজয়ৰ ধাৰা অব্যাহত আছে টীম ইণ্ডিয়াৰ৷ ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্ৰথমখন পৰিত্যক্ত হোৱাৰ পিছত বাকী তিনিখন মেচত পৰাজয়ৰ ধাৰা অব্যাহত আছে শ্ৰেয়াছ আয়াৰ বাহিনীৰ।
শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচ আজি ছাউদাম্পটনত অনুষ্ঠিত হ’ব৷ আজিৰ মেচখনত জয়লাভ কৰি ইংলেণ্ডে শৃংখলাটোত টীম ইণ্ডিয়াক হোৱাইট ৱাছ কৰাৰ লক্ষ্য লৈছে৷
ইপিনে হোৱাইট ৱাছৰ গ্লানিৰ পৰা বাচিবলৈ চেষ্টা চলাব টীম ইণ্ডিয়াই। আজি ছাউদাম্পটনত সন্মান ৰক্ষাৰ যুঁজত নামিব দলটো।
খেলৰ সময়ঃ নিশা ৭ বজা৷