সপ্তমবাৰলৈ গ’ল্ডেন বুট জিনি অভিলেখ মেছিৰ
নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ তাৰকা ফুটবলাৰ লি’নেল মেছিয়ে স্পেনিছ লা লিগাৰ আলভেছৰ বিপক্ষে খেলা অন্তিমখন মেচত দুটাকৈ গ’ল স্ক’ৰ কৰি গ’ল্ডেন বুটৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে প্রতিযোগিতাখনত মুঠ ২৫টা গ’ল স্ক’ৰ কৰি নিকটতম প্রতিদ্বন্দ্বী ৰিয়েল মাদ্রিদৰ কৰিম বেঞ্জামাক চেৰ পেলাই সর্বাধিক গ’ল স্ক’ৰ কৰাৰ অভিলেখটো গঢ়ে৷ কৰিম বেঞ্জামাই প্রতিযোগিতাখনত মুঠ ২১টা গ’ল স্ক’ৰ কৰিছিল৷
ইফালে, মেছিয়ে প্রতিযোগিতাখনৰ সাতটা ছিজনত সর্বাধিক গ’ল স্ক’ৰ কৰি প্রথমগৰাকী খেলুৱৈ হিচাপে অভিলেখ ৰচে৷ আর্জেণ্টিনাৰ তাৰকা খেলুৱৈগৰাকীয়ে প্রতিযোগিতাখনত এতিয়ালৈকে অভিলেখসংখ্যক সাতবাৰৰ বাবে গ’ল্ডেন বুটৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱানিশাৰ একপক্ষীয় মেচখনত বার্চিলোনাই আলভেছক ৫–০ গ’লত বিধ্বস্ত কৰে৷ ২৪ মিনিটত এ ফাটিয়ে প্রথমটো গ’ল স্ক’ৰ কৰাৰ পিছত ৩৪ আৰু ৭৫ মিনিটত মেছিয়ে দুটা তথা ৪৪ মিনিটত লুইছ ছুৱাৰেজ আৰু ৫৭ মিনিটত এন ছেমেড’ই এটাকৈ গ’ল স্ক’ৰ কৰে৷ উল্লেখ্য যে এই জয়েৰে বিগত বর্ষৰ চেম্পিয়ন বার্চিলোনাই ৩৮খন মেচৰ ২৫খনত জয়, ছয়খনত পৰাজয় আৰু সাতখনত ড্র খেলি ৮২ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকে৷
ইফালে, চলিত ছিজনৰ চেম্পিয়ন ৰিয়েল মাদ্রিদে ড্রৰে প্রতিযোগিতাখনত অভিযান সামৰিছে৷ যোৱানিশা অনুষ্ঠিত মেচখনত ৰিয়েল মাদ্রিদে লেগানেছৰে ২–২ গ’লত ড্র খেলে৷ চেম্পিয়ন ৰিয়েল মাদ্রিদৰ হৈ গ’ল দুটা স্ক’ৰ কৰে খেলৰ ৯ মিনিটত ছার্গি’ ৰাম’ছ আৰু ৫২ মিনিটত এম আছেনচি’ই৷ উল্লেখ্য যে ৰিয়েল মাদ্রিদে ৩৮খন মেচৰ ২৬খনত জয়, তিনিখনত পৰাজয় আৰু ৯খনত ড্র খেলি ৮৭ পইণ্টেৰে শীর্ষস্থানত থাকে৷ ইফালে, এটলেটিকো মাদ্রিদে ৭০ পইণ্ট অর্জন কৰি তৃতীয় স্থানটো লাভ কৰে৷