নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহজ জয়েৰে শৃংখলাত অগ্রগতি টীম ইণ্ডিয়াৰ; ৭ উইকেটত পৰাস্ত শ্রীলংকা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই মঙলবাৰে ইন্দোৰত অনুষ্ঠিত দ্বিতীয়খন টি–২০ত শ্রীলংকা দলক সাত উইকেটত পৰাস্ত কৰে৷ এই জয়েৰে তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত ঘৰুৱা দলটোৱে ১–০ৰ অগ্রগতি লয়৷ মেচখনত সিংহলী বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৪৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ লোকেশ ৰাহুলৰ ৩২ বলত ৪৫, শ্রেয়াছ আয়াৰৰ ২৬ বলত ৩৪, ধাৱনৰ ২৯ বলত ৩২ আৰু অধিনায়ক কোহলিৰ ১৭ বলত অপৰাজিত ৩০ ৰানৰ সহায়ত ভাৰতে ১৭.৩ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই প্রয়োজনীয় ৰানখিনি সংগ্রহ কৰে৷

শ্রীলংকাৰ হৈ ৱানিণ্ডু হাছাৰাংগাই সর্বাধিক দুটা উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ভাৰতীয় দলৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত শ্রীলংকাই নির্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৪২ ৰান সংগ্রহ কৰে৷ গুণাথিলাকা আৰু ফার্নাণ্ডোৱে ইনিংছ মুকলি কৰে যদিও সিংহলী বাহিনীক প্রত্যয়জনক আৰম্ভণি দিয়াত ব্যর্থ হয়৷ দলীয় স্ক’ৰ ৩৮ ৰানত ফার্নাণ্ডোৱে ২২ ৰান কৰি বিদায় লয়৷

ইয়াৰ কিছু সময় পিছতেই গুণাথিলাকায়ো ২০ ৰান কৰি পেভিলিয়নমুখী হয়৷ কুশল পেৰেৰাই শ্রীলংকাৰ হৈ সর্বাধিক ৩৪ ৰান কৰে৷ ইফালে, অ’ছাডা ফার্নাণ্ডো (১০)ৰ লগতে ভানুকা ৰাজাপাকছা (৯), ছানাকা (৭), ধনঞ্জয় ডি ছিলভা (১৭) বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ ভাৰতীয় দলটোৰ হৈ ছার্দুল ঠাকুৰে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে নৱদীপ ছাইনী আৰু কুলদীপ যাদৱ উভয়ে দুটাকৈ তথা বুমৰাহ আৰু ৱাশ্বিংটন উভয়ে এটাকৈ উইকেট লয়৷

You might also like