নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিন্ধুৰ জৰিয়তে বিশ্বত ভাৰতীয় বেডমিণ্টনৰ শক্তি প্ৰতিষ্ঠা হ’লঃ ড০ শৰ্মা

২০ জানুৱাৰীৰ পৰা পঞ্চম প্ৰিমিয়াৰ বেডমিণ্টন লীগ

স্পৰ্টছ ডেস্ক,১৪ নৱেম্বৰঃ ভাৰতীয় বেডমিণ্টন সন্থাই স্পৰ্টছ লাইভৰ সহযোগত আয়োজন কৰা বিশ্বৰ পেছাদাৰী বেডমিণ্টন প্ৰতিযোগিতা প্ৰিমিয়াৰ বেডমিণ্টন লীগ (পি বি এল) অহা বৰ্ষৰ ২০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । উল্লেখ্য যে, চাৰি বছৰৰ অপৰিসীম জনপ্ৰিয়তাৰ পিচত এইবাৰ পি বি এল পঞ্চম বৰ্ষত উপনীত হৈছে । এইবাৰ লীগখন মুঠ ২১ দিন ধৰি দেশৰ চাৰিখন চহৰ ক্ৰমে নতুন দিল্লীৰ লগতে চেন্নাই , লক্ষ্ণৌ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব । ‘ পি ভি সিন্ধুৱে প্ৰথম ভাৰতীয় হিচাপে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰাৰ পাচত বিশ্বত ভাৰতীয় বেডমিণ্টনৰ শক্তি পুনৰ প্ৰতিষ্ঠা হ’ল । ৩৬ বছৰ পিচত ছাই প্ৰণিথেও পুৰুষৰ পদক দেশলৈ আনিছে । এয়াই আমাৰ উত্তৰণৰ বাস্তৱ ছবি । পঞ্চম পি বি এলে দেশৰ নৱাগত শ্বাটলাৰক আৰু বেছি খেলবিধৰ প্ৰতি আকৰ্ষণ কৰাব । কাৰণ চেম্পিয়নক কাষৰ পৰা দেখিব নতুন সকলে । ‘ ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই এইদৰে বক্তব্য প্ৰদান কৰে । ইফালে , স্পৰ্টছ লাইভৰ পৰিচালন সঞ্চালক অতুল পাণ্ডেই কয় – এইবাৰ পঞ্চম পি বি এল কেৱল একক শাখাৰ আকৰ্ষণতে সীমাবদ্ধ নাথাকে । কাৰণ বিশ্বত নতুন চমক দিছে দুই ভাৰতীয় স্বাত্বিকসৈৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টী যুটিয়ে । ঘৰুৱা অনুৰাগীয়ে উভয় শ্বাটলাৰৰ চমকপ্ৰদ খেল গেলেৰীত বহি উপভোগ কৰিব পাৰিব । উল্লেখ্য যে, প্ৰতিযোগিতাখন ২০২০ চনৰ ৯ ফেব্ৰুৱাৰীত সামৰণি পৰিব ।

You might also like