সুস্থ হৈ উঠিছে পাক বলাৰ: বিশ্বকাপত ভাৰতৰে খেলিব শ্বাহিনে
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: টি–২০ বিশ্বকাপত শ্বাহিন আফ্রিদীৰ খেলাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ আঘাতৰ পৰা প্রায় সুস্থ হৈ উঠিছে পাকিস্তানৰ দ্রুতবেগী বলাৰগৰাকী৷ সকলো ঠিকে থাকিলে তেৱেঁই অষ্ট্রেলিয়াৰ মাটিত পাকিস্তানৰ বলিং আক্রমণৰ নেতৃত্ব দিব৷ এছিয়া কাপত পাকিস্তান দলত শ্বাহিনক ৰখা হৈছিল যদিও তেওঁ এখন মেচতো খেলিব নোৱাৰিলে৷ টি–২০ বিশ্বকাপত তেওঁক পাবৰ বাবে এছিয়া কাপৰ মাজতে চিকিৎসা কৰিবলৈ লণ্ডনলৈ পঠিয়াইছিল পাকিস্তান ব’র্ডে৷ শ্রীলংকা ভ্রমণৰ সময়ত গালে টেষ্টত তেওঁ ভৰিৰ লিগামেণ্টত আঘাত পাইছিল৷
শ্বাহিনে জীমত অনুশীলনৰ এটি ভিডি’ নেটযোগে প’ষ্ট কৰিছে৷ তাত তেওঁ লিখিছে ‘প্রায় খেলিব পৰা অৱস্থাত উপনীত হৈছোঁ৷’ শ্বাহিনৰ এই প’ষ্টটোক কেন্দ্র কৰি আশাৰ ৰেঙনি দেখিছে পাকিস্তানৰ ক্রিকেট অনুৰাগীসকলে৷ পাক ব’ডৰ তৰফৰ পৰা মুখ্য কার্যবাহী বিষয়া ফৈচাল হাছনাইনে কৈছে ‘শ্বাহিনৰ আঘাতৰ অৱস্থাৰ যথেষ্ট উন্নতি হৈছে৷ আমি আশা কৰিছোঁ অহা ২৩ অক্টোবৰত টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে শ্বাহিনে খেলিব পাৰিব৷