নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় তালিকাৰ পৰা বাদ ২৬ বিধ ঔষধ

  • অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্রীয় তালিকা প্রকাশ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দাভিয়াৰ
  • কর্কট ৰোগৰ কাৰকৰ আশংকাত ৰেনিটিডিন, বাকী ২৫ বিধ ঔষধৰ ভিতৰত ব্লিছিং প্রাউডাৰ, ছেট্টিমাইড আদি তালিকাৰ পৰা বাদ
  • ৩৪ বিধ নতুন ঔষধক অন্তর্ভুক্ত ইয়াৰ ভিতৰত ইভাৰমেকটিন, মিউপিৰোচিন, নিক’টিন, ইনছুলিন গার্গগিন, ডেবিগাট্রান আদি

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্রীয় তালিকা (এনএলইএম)ৰ সংশোধিত ৰূপ কালি প্রকাশ কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ মান্দাভিয়াই৷ এনএলইএমৰ সংশোধিত তালিকা প্রকাশ কৰাৰ লগতে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মান্দাভিয়াই সাধাৰণ ব্যৱহূত ঔষধৰ মূল্য আধাৰো প্রকাশ কৰিছে৷ সংশোধিত এনএলইএমৰ তালিকাৰ পৰা ২৬ বিধ ঔষধক বাদ দিয়া হৈছে৷ ৩৮৪ বিধ ঔষধৰ ভিতৰত ২৬ বিধক বাদ দি নতুনকৈ ৩৪ বিধ ঔষধক অন্তর্ভুক্ত কৰা হৈছে৷

গুৰুত্বপূর্ণ যে এনএলইএমৰ তালিকাৰ পৰা বাদ দিয়া ২৬ বিধ ঔষধৰ ভিতৰত এবিধ কর্কট ৰোগৰ কাৰক হোৱাৰ আশংকাতে বাদ দিয়া হৈছে৷ এই ঔষধবিধৰ নাম ৰেনিটিডিন৷ এছিডিটি আৰু আন পাকস্থলী সম্পর্কীয় ৰোগত ব্যৱহূত ৰেনিটিডিনৰ লগতে ৰেনটেক, জিনেটেক আৰু এছিলেকৰ লেখীয়া ব্রেণ্ড আছে৷ বাদ পৰা ২৬ বিধৰ ভিতৰত এলটেপ্লেছ, এটেন’লল, ব্লিছিং পাউডাৰ, কেপ্র’ৰোমাইচিন, ছেট্টিমাইড, ক্ল’ৰফেনিৰেমিন, ডিমাৰকেপ্রল, ডিলোকচেনাইড ফুৰেট, এৰিথ্র’মাইচিন, এথিনিলেষ্টডায়ল, গেনচিক্র’ভিৰ, কানামাইচিন, মিথাইডোপা, নিক’টিনামিড, ছুক্লালফেট আদি৷

আনহাতে, নতুনকৈ অন্তর্ভুক্ত কৰা ৩৪বিধ ঔষধৰ ভিতৰত ইভাৰমেকটিন, মিউপিৰোচিন, নিক’টিন, ইনছুলিন গ্লেৰগিন, টেনেলিগ্লিটিন, ডেবীগাট্রানআদি আছে৷ তেনেদৰে সাধাৰণভাৱে ব্যৱহূত ঔষধৰ বিশেষকৈ এণ্টি বায়’টিক, ভেকচিন আৰু কেঞ্চাৰ প্রতিৰোধী ঔষধ অধিক বহনক্ষম কৰি তুলিবলৈ চৰকাৰে নতুন মূল্য নির্ধাৰণ কৰিছে৷ এই নতুন মূল্য শীঘ্রেই প্রকাশ কৰা হ’ব৷

মন কৰিবলগীয়া যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মান্দাভিয়াই প্রকাশ কৰা এনএলইএমৰ সংশোধিত তালিকা প্রস্তুত কৰোঁতে স্বতন্ত্র কমিটীয়ে ৩৫০তকৈ অধিক বিশেষজ্ঞ আৰু ১৪০ পৰামর্শদাতাৰ পৰা মত গ্রহণ কৰিছে৷

You might also like