নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫.৫ কোটিত কলকাতা নাইট ৰাইডার্ছলৈ পেট কামিনছ

ঐশ্বর্যশালী আই পি এলৰ ইতিহাসৰ সবাতোকৈ ব্যয়বহুল বিদেশী তাৰকা

নিউজডেস্ক, ২০ ডিচেম্বৰঃ অহা বর্ষৰ আই পি এলৰ বাবে বৃহস্পতিবাৰে আয়োজিত খেলুৱৈ নিলামত বজাৰ গৰম কৰে অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ তাৰকাসকলে ৷ এইসকলৰ ভিতৰত শীর্ষত থাকে অষ্ট্রেলিয়াৰ তাৰকা বেগী বলাৰ পেট কামিনছ ৷

বিশ্ব টেষ্ট ৰেংকিঙৰ শীর্ষস্থানপ্রাপ্ত বেগী বলাৰগৰাকীক কলকাতা নাইট ৰাইডার্ছে এই নিলামত অভিলেখসংখ্যক ১৫.৫ কোটিৰ বৃহৎ ধনৰাশিৰ বিনিময়ত ক্রয় কৰে ৷ অষ্ট্রেলিয়াৰ হৈ টেষ্ট, এদিনীয়া আৰু টি–২০ত চমকপ্রদ বলিঙেৰে মেচ বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হোৱা কামিনছক নিজ দলত পাবলৈ নিলামৰ প্রথমটো ঘণ্টাতে দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ মাজত তীব্র যুঁজ আৰম্ভ হয় ৷ এই যুঁজৰ মাজত সোমাই কলকাতা নাইট ৰাইডার্ছে সকলোকে হতচকিত কৰি ১৫.৫ কোটিৰ মোটা অংকৰ বিনিময়ত অষ্ট্রেলিয়ান তাৰকাগৰাকীক নিজ দলত অন্তর্ভুক্ত কৰে ৷

উল্লেখ্য যে ১৫.৫ কোটি ধন লাভ কৰি পেট কামিনছ আই পি এলৰ ইতিহাসৰ সবাতোকৈ ব্যয়বহুল বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হয় ৷

ইয়াৰ পূর্বে ২০১৭ৰ আই পি এলৰ নিলামত ৰাইজিং পুনে ছুপাৰ জায়েণ্টে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছক ১৪.৫ কোটিৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল ৷

আই পি এলৰ বজাৰ গৰম কৰা আন এগৰাকী অষ্ট্রেলিয়ান তাৰকা হ’ল গ্লেন মেক্সৱেল ৷ কিংছ একাদশ পঞ্জাবে তেওঁক ১০.৭৫ কোটিৰ লোভনীয় ধনৰ বিনিময়ত নিজ দলত চুক্তিবদ্ধ কৰায় ৷

ইফালে, ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক ইয়ন মৰগানক এইবাৰ কলকাতা নাইট ৰাইডার্ছৰ শিবিৰত দেখিবলৈ পোৱা যাব ৷ শ্বাহৰুখ খান মালিকানাধীন দলটোৱে আজিৰ নিলামত দিল্লী কেপিটেলছৰ সৈতে তীব্র যুঁজ দি শেষ মুহূর্তত মৰগানক ৫.২৫ কোটিত ক্রয় কৰে ৷ লগতে অষ্ট্রেলিয়াৰ অলৰাউণ্ডাৰ ক্রিছ লীনক ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ২ কোটিত চুক্তিবদ্ধ কৰাইছে ৷

You might also like