নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ আগষ্টত চূড়ান্ত হ’ব ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সময়সূচী

নিয়মীয়া বাৰ্তা,২৯ জুলাই:  ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো সন্দর্ভত অহা ২ আগষ্টত আই পি এল গৱর্নিং কাউঞ্চিলৰ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকখনতে সংযুক্ত আৰব আমীৰ শ্বাহীত হ’বলগীয়া আই পি এলখনৰ সূচী আৰু সময় নির্ধাৰণ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ আই পি এলখনৰ সূচী আৰু সময়ৰ উপৰি আন কেইবাটাও বিষয় সন্দর্ভত এই বৈঠকখনত আলোচনা চলিব৷ আই পি এলৰ অধ্যক্ষ ব্রিজেশ পেটেলে সংবাদ প্রতিষ্ঠানৰে হোৱা বার্তালাপত কয় যে দেশত ক’ৰোনাৰ আতংক হ্রাস নোপোৱাৰ পৰিপ্রেক্ষিতত এইবাৰ আই পি এলখন ইউ এ ইত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা অনুষ্ঠিত হ’ব৷ ৫১ দিন ধৰি আঠটা ফ্রেনচাইজীৰ মাজত মুঠ ৬০খন মেচ অনুষ্ঠিত হ’ব আৰু এই মেচসমূহ ইউ এ ইৰ তিনিখন ষ্টেডিয়ামত খেলোৱা হ’ব৷ ইতিমধ্যে প্রতিযোগিতাখনৰ স্থান চূড়ান্ত হৈছে যদিও মেচসমূহৰ সময়সূচী এতিয়ালৈকে চূড়ান্ত হোৱা নাই৷ এই সন্দর্ভত আই পি এল গৱর্নিং কাউঞ্চিলে ২ আগষ্টত এক বৈঠকত মিলিত হ’ব আৰু এই বৈঠকখনতে আই পি এলৰ সময়সূচী চূড়ান্ত হ’ব বুলি আই পি এলৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে৷

ইপিনে, কার্যকাল সমাপ্ত হ’লেও এই বৈঠকখনত বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহ উপস্থিত থকাৰ পূর্ণ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে গাংগুলী আৰু জয় শ্বাহে তেওঁলোকৰ কার্যকাল বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে আৰু এই আবেদনৰ শুনানি অহা সপ্তাহত গ্রহণ কৰা হ’ব৷ ইফালে, প্রতিযোগিতাখন সংযুক্ত আৰব আমীৰ শ্বাহীত আয়োজন কৰাৰ বাবে খেল মন্ত্রালয়ে ইতিমধ্যে বি চি চি আইক সেউজ সংকেত দিছে৷ গৃহ আৰু বিদেশ মন্ত্রালয়ৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতে বি চি চি আয়ে আই পি এলখন ইউ এ ইত আয়োজন কৰাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷ উল্লেখ্য যে ২০১৪ চনতো বি চি চি আইৰ ঐশ্বর্যশালী প্রতিযোগিতাখন সংযুক্ত আৰব আমীৰ শ্বাহীত অনুষ্ঠিত হৈছিল৷

You might also like