নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেংকিঙৰ শীৰ্ষত থাকি বৰ্ষসামৰিলে কোহলি-ৰোহিতে

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ আই চি চি এদিনীয়া ৰেংকিঙৰ প্রথম দুটা স্থানত থাকি বর্ষ সামৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা অ’পেনাৰ ৰোহিত শর্মাই৷ চলিত বছৰটোত দাঙি ধৰা চমকপ্রদ প্রদর্শনৰ সুবাদত কোহলি আৰু ৰোহিতে এদিনীয়া ৰেংকিঙৰ ক্রমে প্রথম আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখি বছৰ সামৰাটো নিশ্চিত কৰিছে৷ কোহলিয়ে ৮৮৭ পইণ্টেৰে শীর্ষত থকাৰ বিপৰীতে ৰোহিতে ৮৭৩ পইণ্টেৰে দ্বিতীয় স্থান অধিকাৰ কৰি আছে৷ উল্লেখ্য যে দেওবাৰে নিশা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নির্ণায়ক এদিনীয়াত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে চমকপ্রদ ৮৫ ৰানৰ ইনিংছ খেলি ঘৰুৱা দলটোৰ বিজয় নিশ্চিত কৰিছিল৷ ৰোহিতেও সুন্দৰ অর্ধশতকেৰে টীম ইণ্ডিয়াক প্রত্যাশিত আৰম্ভণি দিবলৈ সক্ষম হৈছিল৷ চলিত বছৰত তাৰকা অ’পেনাৰগৰাকীয়ে ক্রিকেটৰ আটাইকেইটা সংস্কৰণত মুঠ ২৪৪২ ৰান সংগ্রহ কৰি সনৎ জয়সূর্যৰ ২২ বছৰ পুৰণি অভিলেখ ভংগ কৰিছে৷ এটা কেলেণ্ডাৰ বর্ষত অ’পেনাৰ হিচাপে সর্বাধিক ৰান সংগ্রহ কৰি ৰোহিতে শ্রীলংকাৰ প্রাক্তন অ’পেনাৰগৰাকীক চেৰ পেলায়৷ দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২–১ত শৃংখলা দখল কৰা টীম ইণ্ডিয়াৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰি তেওঁ মেন অৱ দ্য ছিৰিজ লাভ কৰে৷

You might also like