নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ চনৰ কাটাৰ বিশ্বকাপ ফুটবলৰ সূচী ঘোষণা ফিফাৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ২০২২ চনত কাটাৰত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ সূচী ঘোষণা কৰিলে বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই৷ ফিফাৰ এই সন্মানীয় প্রতিযোগিতাখন ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ আল বেইড ষ্টেডিয়ামত স্থানীয় সময় অনুসৰি দিনৰ ১ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা কৰিব আয়োজক কাটাৰে৷

বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ গ্রুপ পর্যায়ত প্রতিদিনে চাৰিখনকৈ খেল অনুষ্ঠিত হ’ব৷ স্থানীয় সময় অনুসৰি প্রথমখন খেল দিনৰ ১ বজাত আৰম্ভ হোৱাৰ বিপৰীতে চতুর্থ তথা অন্তিমখন মেচ নিশা ১০ বজাত অনুষ্ঠিত হ’ব বুলি ফিফাই সদৰী কৰিছে৷ ইপিনে, দ্বিতীয় আৰু তৃতীয়খন মেচ বিয়লি ৪ বজাত আৰু সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব৷ আনহাতে, গ্রুপ পর্যায়ৰ অন্তিম ৰাউণ্ডৰ খেল আৰু নকআউট পর্যায়ৰ খেলসমূহ সন্ধিয়া ৬ বজাত আৰু নিশা ১০ বজাত অনুষ্ঠিত হ’ব৷ এছিয়ান গেমছ অনুষ্ঠিত হোৱা খালিফা আন্তর্জাতিক ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ তৃতীয় স্থানৰ প্লে–ফৰ মেচখন অনুষ্ঠিত হ’ব৷ এই মেচখন ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে খালিফা আন্তর্জাতিক ষ্টেডিয়ামত এছিয়ান গেমছৰ লগতে গ’ল্ফ কাপ, এ এফ চি এছিয়ান কাপ আৰু ২০১৯ চনৰ ফিফা ক্লাব বিশ্বকাপৰ পাঁচখনকৈ মেচ অনুষ্ঠিত হৈছিল৷

আনহাতে, সন্মানীয় ফুটবল প্রতিযোগিতাখনৰ খিতাপ যুঁজৰ মেচখন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ ৮০,০০০ আসনবিশিষ্ট লুচেইল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেল মেচখন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ স্থানীয় সময়মতে এই মেচখন সন্ধিয়া ৬ বজাত আৰু আন্তর্জাতিক মান সময়মতে পুৱতিনিশা ৩.৩০ বজাত অনুষ্ঠিত হ’ব৷ ইপিনে, বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই জনোৱা অনুসৰি, গ্রুপ পর্যায়ৰ খেল ১২ দিন ধৰি চলিব৷ মন কৰিবলগীয়া যে এছিয়াত দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল অনুষ্ঠিত হ’ব৷ ইয়াৰ পূর্বে ২০০২ চনত জাপান আৰু দক্ষিণ কোৰিয়াই যুটীয়াভাৱে ফিফা বিশ্বকাপ ফুটবলৰ আয়োজন কৰিছিল৷

You might also like