আজি দ্বিতীয় এদিনীয়া: শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল
নিয়মীয়া বাৰ্তা,২৪ জুলাইঃ প্রথমখন মেচত ৰোমাঞ্চকৰ বিজয়ৰ পাছত আজি ৱেষ্ট ইণ্ডিজৰ বিপক্ষে দ্বিতীয়খন মেচত অৱতীর্ণ হ’ব ভাৰত৷ তিনিখনীয়া মেচৰ শৃংখলাটোত ইতিমধ্যে ১–০ ব্যৱধানত অগ্রগতি অর্জন কৰা ভাৰতীয় দলটোৱে আজি জয়লাভ কৰিলেই শৃংখলা দখল কৰিবলৈ সক্ষম হ’ব৷ শিখৰ ধাৱন আৰু শুভমন গিলৰ আক্রমণাত্মক অ’পেনিং যুটি আৰু মহম্মদ ছিৰাজৰ দায়িত্বশীল বলিং আক্রমণৰ বাবেই প্রথমখন মেচত ভাৰতৰ বিজয় সম্ভৱ হয়৷ তদুপৰি শ্রেয়াছ আয়াৰৰ অর্ধশতৰানৰ সহায়ত প্রথমখন মেচত ভাৰত শক্তিশালী স্থানত উপনীত হৈছিল যদিও মধ্যক্রমৰ বেটছমেনসকল সফল হ’লে ভাৰতে চাৰে তিনিশ পর্যন্ত ৰান সংগ্রহ কৰিব পাৰিলেহেঁতেন৷ মধ্যক্রমৰ বেটছমেন সঞ্জু ছেমছন পুনৰ ব্যর্থ হয়৷ আজি সূর্যকুমাৰ যাদৱ, ছেমছন, দীপক হুদা আৰু অক্ষৰ পেটেলে সফলতা অর্জন কৰিলে ভাৰতৰ বিজয় সহজ হ’ব৷
ইপিনে, প্রথমখন মেচত কঠিন প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ৱেষ্ট ইণ্ডিজে পৰাজয়ৰ ধাৰা ব্যাহত কৰিবলৈ আজি মৰণপণ যুঁজত অৱতীর্ণ হ’ব৷ উল্লেখ্য যে দলটো একেৰাহে ৭খন মেচত পৰাজিত হৈছে৷ বাংলাদেশৰ বিপক্ষে দলটোৱে ০–৩ ব্যৱধানত শৃংখলা হেৰুৱাবলগীয়া হয়৷ সেইবাবে কেৰিবিয়ান বাহিনীয়ে আজি মেচখনত জয়লাভ কৰি শৃংখলাত সমতা স্থাপনৰ বাবে চেষ্টা চলাব৷
খেলৰ সময়; সন্ধিয়া ৭ বজা৷