নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচি নীৰজ চোপ্ৰাৰ ৰূপৰ পদক

নিয়মীয়া বাৰ্তা,২৪ জুলাইঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচনা কৰিলে নীৰজ চোপ্ৰাই। ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয় নীৰজ চোপ্ৰা। চতুৰ্থ প্ৰচেষ্টাত নীজৰে দিনটোৰ শ্ৰেষ্ঠ থ্ৰ’ কৰে। নীৰাজে ৮৮.১৩ মিটাৰ দূৰত্বত নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰে। টকিঅ’ অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজৰ এই বিজয়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে।

ইপিনে এণ্ডাৰছন পিটাৰ্ছে ৯০ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ কৰি সোণৰ পদক লাভ কৰে। অৱশ্যে দ্বিতীয় স্থানত থকাৰ পিছতো নীৰজে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ। মুঠতে তেওঁ এই চেম্পিয়নশ্বিপৰ ৩৯ বছৰীয়া ইতিহাসত পদক লাভ কৰা দ্বিতীয়জন ভাৰতীয় খেলুৱৈ। ইয়াৰ পূৰ্বে ২০০৩ চনত মহিলা খেলুৱৈ অঞ্জু ববি জৰ্জে বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ হৈ পদক লাভ কৰিছিল।

You might also like