নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্ৰিকেটত ৫০০ উইকেট : ৰবিচন্দ্ৰন অশ্বিনৰ অভিলেখ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ফেব্ৰুৱাৰীঃ ভাৰত-ইংলেণ্ডৰ মাজত চলি তথা তৃতীয় টেষ্টৰ দ্বিতীয় দিনা ভাৰতৰ তাৰকা স্পিনাৰ আৰ অশ্বিনে জেক ক্ৰ’লিৰ উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ উইকেট দখল কৰা দ্বিতীয়জন বলাৰ হিচাপে পৰিগণিত হৈছে অশ্বিন। ইয়াৰ সমান্তৰালকৈ অশ্বিন হৈছে টেষ্ট ক্ৰিকেটত আটাইতকৈ কমসংখ্যক বলত ৫০০ উইকেট দখল কৰা দ্বিতীয়গৰাকী খেলুৱৈ। অশ্বিনে ৫০০ উইকেট দখল কৰি ইংলেণ্ডৰ কিংবদন্তি বলাৰ জেমছ এণ্ডাৰছন আৰু ষ্টুৱাৰ্ট ব্ৰডক অতিক্ৰম কৰে। আটাইতকৈ কম টেষ্ট মেচত ৫০০ টেষ্ট উইকেট দখল কৰাৰ অভিলেখ আছে শ্ৰীলংকাৰ প্ৰাক্তন স্পিনাৰ মুৰলীধৰণৰ নামত। মাত্ৰ ৮৭খন খেলতে ৫০০ উইকেট দখল কৰিছিল মুৰলীধৰণে। এই তালিকাত এতিয়া দ্বিতীয় স্থানত আছে অশ্বিন। ৯৮সংখ্যক টেষ্ট খেলাৰ সময়তে ৫০০সংখ্যক উইকেট দখল কৰিছে অশ্বিনে। ১০৫সংখ্যক টেষ্টত ৫০০ উইকেট দখল কৰা ভাৰতীয় প্রাক্তন অধিনায়ক অনিল কুম্বলে এই তালিকাত তৃতীয় স্থানত আছে৷ ১০৮সংখ্যক টেষ্টত ৫০০সংখ্যক উইকেট দখল কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ শ্বেন ৱাৰ্নে। ইয়াৰোপৰি কমসংখ্যক বলত ৫০০ টেষ্ট উইকেট দখল কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থানত আছে আৰ অশ্বিন। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ গ্লেন মেকগ্ৰাথে ২৫,৫২৮টা বল বলিং কৰি ৫০০ উইকেট দখল কৰিছিল। টেষ্ট ক্ৰিকেটত অশ্বিনে ২৫,৭১৪টা বল বলিং কৰি ৫০০সংখ্যক উইকেট দখল কৰে। জেমছ এণ্ডাৰছনে ২৮,১৫০টা বলত বলিং কৰি ৫০০টা টেষ্ট উইকেট দখল কৰে। আনহাতে ষ্টুৱাৰ্ট ব্ৰডে ২৮,৪৩০টা বল বলিং কৰি ৫০০টা টেষ্ট উইকেট দখল কৰিছিল। অশ্বিনে ২০১১ চনত ভাৰতৰ হৈ টেষ্টত অভিষেক ঘটায়। ১৩ বছৰৰ দীঘলীয়া যাত্ৰাৰ অন্তত অশ্বিনে লাভ কৰিছে ৫০০সংখ্যক টেষ্ট উইকেট।

You might also like