নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্রাবিড়ৰ পিছত ৰোহিত শর্মায়ো ঘূৰাই দিব বোনাছৰ ধন

🔹 বিদায়ী প্রশিক্ষকৰ পথ অনুসৰণ অধিনায়কৰ

বিশেষ বাৰ্তা, ১২ জুলাই : বিদায়ী প্রশিক্ষকৰ পদাংক অনুসৰণ অধিনায়কৰ৷ ৰাহুল দ্রাবিড়ৰ পিছত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মায়ো ঘূৰাই দিব অতিৰিক্ত বোনাছৰ ধন৷ টি–২০ বিশ্বকাপ জয়ৰ পিছত ভাৰতীয় দলটোক ১২৫ কোটি টকা পুৰস্কাৰ হিচাপে দিয়ে বিচিচিআয়ে৷ কিন্তু সূত্র অনুসৰি ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মাই অতিৰিক্ত বোনাছ ল’বলৈ ইচ্ছুক নহয়৷ সহায়ক কর্মচাৰীসকলে কম বোনাছ লাভ কৰা বাবে ৰোহিত শর্মাই অতিৰিক্ত বোনাছৰ ধন ল’বলৈ আগ্রহী নহয়৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি, ৰোহিত শর্মাই ছাপ’ৰ্ট ষ্টাফক ইমান কম বোনাছ দিয়াত অসন্তুষ্টি ব্যক্ত কৰিছে৷ তেওঁৰ বোনাছৰ নিজৰ অংশ এৰি দিবলৈ আগ্রহ প্রকাশ কৰিছে৷ উল্লেখ্য যে বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোত থকা তিনিজন ফিজি’থেৰাপিষ্ট, তিনিজন থ্র’ ডাউন স্পেচিয়েলিষ্ট, দুজন মালিচকাৰী আৰু কণ্ডিচনিং প্রশিক্ষকে ২ কোটি টকাকৈ লাভ কৰিছে৷ উল্লেখ্য যে বুধবাৰে বিশ্ববিজয়ী ভাৰতীয় দলটোৰ প্রশিক্ষক ৰাহুল দ্রাবিড়ে বোনাছৰ ধন ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল৷

You might also like