নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনামুক্ত হোৱা নাই ৰ’নাল্ডো

পুনৰ পজিটিভ জুভেণ্টাছৰ ছুপাৰ ষ্টাৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ পৰা মুক্তি পোৱা নাই বিশ্ব ফুটবলৰ অন্যতম শ্রেষ্ঠ ষ্ট্রাইকাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ বার্চিলোনাৰ বিৰুদ্ধে খেলিবলগীয়া চেম্পিয়নছ লীগৰ গুৰুত্বপূর্ণ মেচৰ পূর্বে জুভেণ্টাছৰ তাৰকাগৰাকীৰ শৰীৰত পুনৰ ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ ইটালী আৰু পর্তুগালৰ সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি অনুসৰি মেচৰ ২৪ ঘণ্টা পূর্বে আন খেলুৱৈৰ লগতে ৰ’নাল্ডোৰো ক’ভিড টেষ্ট সম্পন্ন হয় আৰু এই টেষ্টত তাৰকাগৰাকীৰ ফলাফল পজিটিভ পোৱা গৈছে৷ উল্লেখ্য যে দুসপ্তাহ পূর্বে নেচনছ লীগত পর্তুগালৰ হৈ খেলি থকা সময়ত তেওঁৰ শৰীৰত প্রথমবাৰৰ বাবে ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছিল৷ তেতিয়াৰে পৰা ৰ’নাল্ডোৰ টেষ্টৰ ফলাফল মুঠ ১৮বাৰ পজিটিভ পোৱা গৈছে বুলি ইটালীৰ সংবাদ মাধ্যমে দাবী কৰিছে৷ উৱেফাৰ নিয়ম অনুসৰি খেলাৰ অনুমতি লাভ কৰিবলৈ মেচৰ ২৪ ঘণ্টা পূর্বে ৰ’নাল্ডোৰ ক’ৰোনা টেষ্ট নিগেটিভ আহিব লাগিব৷ ক’ৰোনাৰ পৰা মুক্তি নোপোৱাৰ বাবে ছুপাৰ ষ্টাৰগৰাকীয়ে ইতিমধ্যে চেম্পিয়নছ লীগৰ তিনিখন মেচত অংশ ল’ব পৰা নাই৷

You might also like