ভাৰতীয় দলৰ বলিং প্রশিক্ষক হ’বলৈ ইচ্ছা আখতাৰৰ
নিয়মীয়া বাৰ্তা, ৬ মে’ : ভাৰতীয় ক্রিকেট দলটোৰ বলিং প্রশিক্ষক হ’বলৈ ইচ্ছা ব্যক্ত কৰিছে পাকিস্তান ক্রিকেট দলৰ প্রাক্তন তাৰকা পেচ বলাৰ ছোৱেইব আখতাৰে৷
যদি ভাৰতীয় দলৰ পৰা প্রস্তাৱ আহে, তেতিয়াহ’লে তেওঁ ভাৰতীয় দলৰ বলিং প্রশিক্ষক হোৱাত কোনো আপত্তি নাই বুলি ব্যক্ত কৰে পাক দলটোৰ প্রাক্তন বেগী বলাৰগৰাকীয়ে৷
ছ’চিয়েল মিডিয়া ‘হেলো’ৰে হোৱা সাক্ষাৎকাৰত আখতাৰে কয় যে জ্ঞান দিয়াটোৱেই মোৰ প্রধান কর্তব্য৷