নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৩ৰ এছিয়া কাপ পাকিস্তানত…

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ: ২০২৩ৰ এছিয়া কাপ আয়োজন কৰিব পাকিস্তান ক্রিকেট ব’র্ডে৷ ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত এছিয়ান ক্রিকেট কাউঞ্চিলে সর্বসন্মতিক্রমে এই সিদ্ধান্ত গ্রহণ কৰা বুলি পাকিস্তান ক্রিকেট ব’ৰ্ডৰ নৱনির্বাচিত অধ্যক্ষ ৰামিজ ৰাজাই ঘোষণা কৰিছে৷

মন কৰিবলগীয়া যে এছিয়ান ক্রিকেট কাউঞ্চিলৰ এই ব’ৰ্ডৰ অধ্যক্ষতা কৰিছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সচিব জয় শ্বাহে৷

উল্লেখ্য যে ২০০৮ৰ এছিয়া কাপৰ পিছৰে পৰা পাকিস্তানে কোনো বহুদলীয় আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা আয়োজন কৰা নাই৷ ২০০৯ত শ্রীলংকা ক্রিকেট দলৰ ওপৰত সন্ত্রাসবাদীৰ বর্বৰ আক্রমণৰ পিছৰে পৰা বিশ্বৰ বিভিন্ন দেশসমূহে পাকিস্তান ভ্রমণৰ পৰা আঁতৰি আছিল৷

শেহতীয়াকৈ নিউজিলেণ্ড আৰু ইংলেণ্ডে সুৰক্ষাজনিত আশংকাৰ বাবে শেষ মুহূর্তত পাকিস্তান ভ্রমণ বাতিল কৰিছে৷ এনে পৰিস্থিতিত ২০২৩ত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপলৈ ভাৰতে দল প্রেৰণ কৰে নে নকৰে সেয়া লক্ষণীয় হ’ব৷

You might also like