নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ বিৰুদ্ধে আজি ভাৰতৰ প্রস্তুতি মেচ

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ: টি–২০ বিশ্বকাপত অহা ২৪ অক্টোবৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে হাইপ্রফাইল মেচত অৱতীর্ণ হোৱাৰ পূর্বে টীম ইণ্ডিয়াই আজি প্রথমখন প্রস্তুতি মেচ খেলিব৷

ডুবাইৰ আই চি চি ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া মেচখনত বিৰাট কোহলি বাহিনীৰ প্রতিদ্বন্দ্বী হ’ব শক্তিশালী ইংলেণ্ড৷ পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনৰ বাবে শক্তিশালী মূল একাদশ গঠনৰ প্রতি লক্ষ্য ৰাখি আজি ভাৰত খেলপথাৰত নামিব৷ তাৰকা অ’পেনাৰ ৰোহিত শর্মাই দলটোৰ ইনিংছ মুকলি কৰাটো নিশ্চিত যদিও তেওঁৰ সংগী কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ অভিজ্ঞতাৰ ফালৰ পৰা লোকেশ ৰাহুলে অ’পেনাৰৰ দায়িত্ব লাভৰ পূর্ণ সম্ভাৱনা আছে৷ কিন্তু টীম ইণ্ডিয়াৰ নতুন ৰণনীতিৰ অংশ হিচাপে আক্রমণাত্মক বাঁওহতীয়া বেটছমেন ঈষান কিষণে ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰাৰ সুযোগ পাব পাৰে৷

লগতে পঢ়কঃ আৰিয়ান খানৰ নিৰাপত্তা বৃদ্ধি, বিশেষ বেৰেকলৈ স্থানান্তৰ

উল্লেখ্য যে পঞ্জাব কিংছৰ অধিনায়ক ৰাহুলে সদ্যসমাপ্ত আই পি এলত ৬২৬ ৰান সংগ্রহ কৰি দুর্দান্ত ফর্মত থকাৰ ইংগিত দিছে৷ ইফালে, মুম্বাই ইণ্ডিয়ানছৰ অ’পেনাৰ ঈষাণ কিষণেও আই পি এলৰ শেহতীয়া দুখন মেচত বিস্ফোৰক অর্ধশতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, পিঠিৰ আঘাতৰ পৰা সম্পূর্ণৰূপে মুক্ত নোহোৱা তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক লৈ দলীয় মেনেজমেণ্ট সমস্যাৰ সন্মুখীন হৈছে৷ বলিঙত ভুবনেশ্বৰ কুমাৰ, যশপ্রীত বুমৰাহ আৰু শার্দূল ঠাকুৰৰ সৈতে বৰুণ চক্রৱর্তী আৰু ৰবিচন্দ্রন অশ্বিনে মূল একাদশত স্থান পোৱাটো একপ্রকাৰ নিশ্চিত৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like