নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ডুবাইত এছিয়া কাপ ক্রিকেট

নিয়মীয়াবার্তা, ২৭আগষ্ট: ডুবাইত আজিৰে পৰা আৰম্ভ হ’ব পঞ্চদশ এছিয়া কাপ ক্রিকেট৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত শ্রীলংকাৰ বিপক্ষে অৱতীর্ণ হ’ব আফগানিস্তান৷ এইবাৰ এছিয়া কাপ খেলোৱা হ’ব টি–২০ ফর্মেটত৷ পূর্বে ঘোষিত সূচী অনুসৰি প্রতিযোগিতাখন শ্রীলংকাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশখনত চলি থকা ৰাজনৈতিক সংকটৰ বাবে শেষ মুহূর্তত ইউনাইটেড আৰব আমিৰশ্বাহিত খেলোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ আজি অভিজ্ঞ শ্রীলংকা দলৰ বিপক্ষে তুলনামূলকভাৱে আন্তর্জাতিক মেচৰ কম অভিজ্ঞতাসম্পন্ন আফগানিস্তানে যুঁজত নামিব৷ শ্রীলংকাই দ্বিতীয় সর্বাধিক পাঁচবাৰ এছিয়া কাপত খিতাপ অর্জন কৰিছে৷ ইয়াৰ বিপৰীতে প্রতিযোগিতাখনত তৃতীয়বাৰৰ বাবে খেলিব আফগানিস্তানে৷ এইবাৰ ডাছুন ছানাকা নেতৃত্বাধীন শ্রীলংকাই উন্নত প্রদর্শন কৰাৰ আশা ৰাখিছে৷

ইপিনে, ২০১৪ চনত আফগানিস্তানে এছিয়া কাপত অভিষেক ঘটাইছিল৷ ইয়াৰ পিছৰবাৰ দলটোৱে প্রতিযোগিতাখনলৈ যোগ্যতা অর্জনত ব্যর্থ হয়৷ ২০১৮ চনত তেওঁলোকে পুনৰ প্রতিযোগিতাখনত খেলাৰ সুযোগ লাভ কৰে৷ এই দুয়োবাৰে দলটোৱে চতুর্থ স্থান লাভ কৰে৷ যোৱাবাৰ আফগান বাহিনীয়ে ছুপাৰ ৪ত আটাইকেইখন মেচতে পৰাস্ত হয়৷ অৱশ্যে এইবাৰ নতুন ৰূপত অৱতীর্ণ হ’ব দলটো৷ আফগান দলত কেইবাগৰাকী প্রতিভাৱান খেলুৱৈ অন্তর্ভুক্ত হৈছে৷ মহম্মদ নবী নেতৃত্বাধীন দলটোত আছে ৰছিদ খান, মুজিব উৰ ৰহমানৰ দৰে বিশ্বমানৰ খেলুৱৈ৷

You might also like